--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰ চৰকাৰে আৰু কিমান দিন সূলভ মূল্যৰ ৰেচন প্ৰদান কৰি নিজৰ দায় সামৰিব৷ চৰকাৰৰে সংস্থাপনৰ ক্ষেত্ৰত পিঠি দি হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰত হাত উজান দি অহাৰ কাৰ্যক তীব্ৰ ককৰ্থনা কৰিছে উচ্চতম ন্যায়ালয়ে৷

সোমবাৰে উচ্চতম ন্যায়ালয়ে চৰকাৰসমূহে বিনামূলীয়াকৈ প্ৰদান কৰা সা-সুবিধাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে কেতিয়ালৈকে বিনামূলীয়া ৰেচন বিতৰণ কৰা হ’ব? ক’ভিড মহামাৰীৰ পিছৰে পৰা বিনামূলীয়া ৰেচন লাভ কৰি অহা প্ৰব্ৰজিত মজদুৰসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আহ্বান ন্যায়ালয়ৰ। 

কেন্দ্ৰই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন চমুকৈ এন এফ এছ এৰ অধীনত ৮১ কোটি লোকক বিনামূলীয়া বা ৰাজসাহায্যযুক্ত ৰেচন দিয়া হৈছে বুলি কেন্দ্ৰই আদালতত কোৱাত ই-শ্ৰম পৰ্টেলৰ অধীনত যোগ্য বিবেচিত প্ৰব্ৰজিত শ্ৰমিক আৰু অদক্ষ শ্ৰমিকক বিনামূলীয়া ৰেচন কাৰ্ড প্ৰদানৰ সন্দৰ্ভত তৰা গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে কৰদাতাসকলহে এই তালিকাৰ পৰা বাদ পৰিছে বুলি কেন্দ্ৰৰ হৈ উপস্থিত হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীক কয়।

এই সন্দৰ্ভত এটা বেচৰকাৰী সংস্থাটোৱে তৰিছিল এই গোচৰ৷ ৯ ডিচেম্বৰৰ শুনানিৰ সময়ত সংস্থাটোৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰশান্ত ভূষনে কয় যে ২০২১ চনত  লোকপিয়ল পোৱা হ’লে প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পালেহেঁতেন কিয়নো বৰ্তমানেও কেন্দ্ৰই ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি আছে। 

বিচাৰপীঠে কয় যে, আমি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ যোৱাটো উচিৎ নহয় অন্যথা পৰিস্থিতি গম্ভীৰ হৈ পৰিব। কেন্দ্ৰৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে Covid-19ৰ সময়ৰ পৰাই বিনামূলীয়া ৰেচনৰ আঁচনিখন চলি আহিছে। সেই সময়ত এই আদালতে প্ৰব্ৰজিত শ্ৰমিকসকলে সন্মুখীন হোৱা সংকটৰ প্ৰতি লক্ষ্য ৰাখি; এই আদেশ কম বেছি পৰিমাণে দৈনিক গৃহীত হৈছিল তেওঁলোকক সকাহ দিয়াৰ বাবে, কিন্তু চৰকাৰ ২০১৩ আইনৰ দ্বাৰা বান্ধ খাই আছে আৰু বিধিগত আঁচনিৰ বাহিৰলৈ যাব নোৱাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৮ জানুৱাৰীত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?