--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চন বৰ্তমান কেবিচিত ব্যস্ত ৷ শতিকাৰ মেগাষ্টাৰগৰাকীয়ে ৮২ বছৰ বয়সতো কাম কৰি বহু লোকক অনুপ্ৰাণিত কৰিছে। শ্ব’টোৰ সময়ত অমিতাভ বচ্চনেও নিজৰ জীৱনৰ লগত জড়িত বহু কাহিনী দৰ্শকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ বিগ বিয়ে কেবিচিৰ মঞ্চত প্ৰকাশ কৰিছে যে পত্নী জয়াৰ ফোন আহিলে তেওঁ নাৰ্ভাছ হৈ পৰে।

কৌন বনেগা কড়ৌৰপতি ১৬ৰ শেহতীয়া খণ্ডত অমিতাভ বচ্চনে প্ৰকাশ কৰিছে যে যেতিয়াই তেওঁৰ ঘৰলৈ আলহী আহে আৰু তেওঁ অকলে কথা পাতিবলগীয়া হয় তেতিয়াই জয়া বচ্চনে বাংলা ভাষাত কথা কয়। সেই সময়ত অমিতাভে একো শব্দ নাজানিও সকলো বুজি পোৱাৰ ভাও ধৰে।

অমিতাভে কয়,“যেতিয়া অতিথি আহে, আৰু আনৰ সন্মুখত অকলে কথা পতা প্ৰয়োজন হয়, তেতিয়া জয়াই সদায় বাংলা ভাষাত কথা কয়, আৰু মই বুজি পোৱাৰ অভিনয় কৰো, কিন্তু সঁচাকৈয়ে বুজিব পৰা নাপাও। শেহতীয়াকৈ তেওঁ গোৱাত এখন ছবিৰ শ্বুটিং কৰি আছিল আৰু মোৰ ফোন আহিল। সাধাৰণতে আমি মেছেজৰ জৰিয়তে কথা পাতো, কিন্তু এইবাৰ, তেওঁ ফোন কৰিলে আৰু মই আতংকিত হৈ পৰিলোঁ। পত্নীয়ে ফোন কৰিলে মই নাৰ্ভাছ হৈ পৰো, কি হ’ব ঠিক নাই বুলি।’’

অভিনেতাগৰাকীয়ে আগলৈ কয়, "মই নাৰ্ভাছ হৈ ফোনটো ৰিচিভ কৰিছিলো,  তেওঁ বাংলা ভাষাত কথা ক'বলৈ আৰম্ভ কৰিছিল কাৰণ চাৰিওফালে মানুহ আছিল, আৰু মই এটা শব্দও বুজিব পৰা নাছিলো। মই মাত্ৰ ক’লো 'হা হা', কিন্তু অলপ সময় পিছত মই ক’লোঁ যে তেওঁ কি কৈছে মই বুজি নাপালো, গতিকে কেতিয়াবা, যদি আপুনি মোক বাংলা ক’বলৈ কয়, তেন্তে মই মাত্ৰ দুটা শব্দহে ক’ব পাৰো, ‘‘বেছি জেন না,এক্টু এক্টু জানে।”



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?