--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ আটাইটকৈ জনসমাদৃত খেল বিধেই হৈছে ফুটবল৷ ক্ৰীড়া প্ৰেমীৰ মনত ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ স্মৃতি এতিয়াও সতেজ হৈ আছে৷ পুনৰবাৰ ক্ৰীড়া প্ৰেমীক আলোড়িত কৰিবলৈ সাজু হৈছে ফিফা বিশ্বকাপ৷ 
 
২০২৬ৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকো যৌথভৱে আয়োজন কৰিব৷ শেহতীয়া কৈ ফিফাই এক বিবৃতিৰ জৰিয়তে কয় যে ফিফা বিশ্বকাপৰ ২০৩০ আৰু ২০৩৪ সংস্কৰণৰ বাবে আয়োজক দেশৰ নাম ঘোষণা কৰিছে৷

আয়োজক দেশৰ নাম ঘোষণা কৰি ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয় ফিফাই এই সিদ্ধান্তসমূহ ঐক্যমতৰ ভিত্তিত লোৱা বুলি আলোকপাত কৰি কয় যে ফিফাই ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছে যিটো সম্প্ৰতি বিভক্ত পৃথিৱীত বিৰল।
  
২০৩০ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ দায়িত্ব যৌথভৱে লাভ কৰিছে স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে৷ ইফালে ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজনৰ দায়িত্ব লাভ কৰিছে ছৌদি আৰৱে৷ 

ফিফাৰ সভাপতিগৰাকীয়ে আৰু কয় যে ফিফা ২০২৬ চনত উত্তৰ আমেৰিকাৰ পৰা ২০৩০ চনত দক্ষিণ আমেৰিকালৈ, তাৰ পিছত ২০৩০ চনত আফ্ৰিকা আৰু ইউৰোপলৈ, আৰু তাৰ পিছত ২০৩৪ চনত এছিয়ালৈ যাব। ফিফা ফুটবল জগতৰ বাবে এক মহান সংহতিৰ বাৰ্তা; এইয়া ইতিহাস সৰ্বোত্তম ৰূপ ইতিহাসৰ কিতাপত ফিফাৰ এই সুন্দৰ অধ্যায়, ঐক্য আৰু মানৱতাৰ কিছু পৃষ্ঠা নিশ্চয় থাকিব বুলি মত প্ৰকাশ কৰে৷ 

উল্লেখযোগ্য যে ২০২২ চনৰ কাটাৰ ফিফাৰ বিশ্বকাপত কিংবদন্তি লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই বিজয়ীৰ খিতাপ দখল কৰে। আকৌ এবাৰ খেলৰ এই মহাসমৰৰ সাজু হৈছে ফিফা বিশ্বকাপ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?