--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ প্ৰথমটি নিশা সকলোৰে বাবে বিশেষ ৷ এই বিশেষ ক্ষণতে উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত এনে এটা গোচৰ পোহৰলৈ আহিছে , য’ত ফুলশয্যাৰ নিশা নৱবিবাহিত কইনাগৰাকীয়ে কৰা দাবীত দৰা স্তম্ভিত হৈ পৰে। কইনাৰ কথা শুনি দৰাজনে ভয় খাই পৰিয়ালৰ লোকক গোটেই কাহিনীটো ক’লে, তাৰ পিছতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে পৰিয়ালৰ লোক থানাত উপস্থিত হয়। এই বিষয়টো সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

তথ্য অনুসৰি, ছাহাৰনপুৰত বাস কৰা এজন যুৱকে লুধিয়ানাৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই সম্পৰ্ক এজন পণ্ডিতে ঠিক কৰি দিছিল। ইয়াৰ পৰিবৰ্তে দৰাৰ পৰিয়ালৰ পৰা তেওঁ ৮৫ হাজাৰ টকা লয়। দুয়োৰে বিয়া হ’ল বৰ আড়ম্বৰেৰে। কিন্তু, বিয়াৰ নিশা কইনাজনীয়ে দৰাৰ পৰা গাঞ্জা, ছাগলীৰ মাংস আৰু বিয়েৰৰ দাবী কৰিবলৈ ধৰিলে।

পৰিয়ালৰ লোকে এই কথা গম পোৱাত ঘৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে দৰাৰ পৰিয়াল থানাত উপস্থিত হয়। দৰাজনৰ অভিযোগ যে কইনাজনী ছোৱালী নহয়, তেওঁ আছিল তৃতীয় লিংগৰ। মাংস, গাঞ্জা আৰু সুৰা সেৱন কৰা মহিলাৰ লগত থাকিব নিবিচাৰে বুলিও তেওঁ কয়। তেওঁ কয় যে তেওঁ কোনো কাৰনত তেওঁৰ লগত থাকিব নিবিচাৰে।

আৰক্ষীয়ে দুয়োপক্ষকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও কোনেও মানি ল’বলৈ সাজু নহয়। আৰক্ষীয়ে তেওঁলোকৰ মাজত মিলন ঘটাবলৈ চেষ্টা চলাইছে যদিও এতিয়ালৈকে কোনো একমত হোৱা নাই। এই বিষয়ত কোনো পক্ষই এতিয়াও কোনো এফআইআৰ দাখিল কৰা নাই। দৰা পক্ষই তেওঁক প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই বিবাহ পণ্ডিতে আয়োজন কৰিছিল, যাৰ বাবে তেওঁ ৮৫ হাজাৰ টকাও লৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?