--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী পক্ষই কিছুদিনৰ পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ শেহতীয়া খবৰ অনুসৰি জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ কৰিছে ৰাজ্যসভাত। যোৱা সপ্তাহত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলে একত্ৰিত হৈ ধনখৰৰ বিৰুদ্ধে ৰাজ্যসভাত অনাস্থা প্ৰস্তাৱ আনিছিল। কিন্তু অনাস্থা প্ৰস্তাৱৰ ক্ৰটিৰ বাবে বৃহস্পতিবাৰে ৰাজ্যসভাৰ উপাধ্যক্ষ তথা জেডিইউৰ সাংসদ হৰিবংশ নাৰায়ণ সিঙে নাকচ কৰে। 

ৰাজ্যসভাৰ উপাধ্যক্ষগৰাকীয়ে কয় যে অনাস্থা প্ৰস্তাৱটোত ‘বহুত ত্ৰুটি’ আছে। ইয়াৰোপৰি উপাধ্যক্ষই কয়  যে ধনখৰৰ ‘সন্মান ধ্বংস কৰাৰ উদ্দেশ্যে খৰখেদাকৈ এই অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছে বুলি উল্লেখ কৰে।

উপ-ৰাষ্ট্ৰপতি পদটো দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদ। তেওঁ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰে। এই অনাস্থা প্ৰস্তাৱ অনাৰ ক্ষেত্ৰত ১৪ দিনৰ জাননী দিব লাগে। যিটো ধনখৰৰ এই ক্ষেত্ৰত কৰা হোৱা নাছিল। সেয়ে হৰিবংশে ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ নাকচ কৰে৷ তাৰোপৰি ধনখৰৰ নামৰ বানান শুদ্ধ নহয় বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ১০ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদে ৰাজ্যসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। কংগ্ৰেছ, তৃণমূল, আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি তথা ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো অংশগ্ৰহণকাৰী দলে একত্ৰিতভাৱে প্ৰস্তাৱ দাখিল কৰিছিল। অনাস্থা প্ৰস্তাৱত বিৰোধী শিবিৰৰ ৬০জন সাংসদে স্বাক্ষৰ কৰি সচিবালয়ত জমা দিছিল।

কিন্তু এই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যসভাৰ অধ্যক্ষক অপসাৰণ কৰাটো বিৰোধীৰ প্ৰয়াস হৈ ৰ’ল৷ ৰাজ্যসভাৰ সম্পাদক পিচি মোদীয়ে বিৰোধীয়ে অনা আস্থা প্রস্তাৱ উপ অধ্যক্ষ হৰিবংশৰ ওচৰত দাখিল কৰাৰ পাছত৷ ধনখৰক অপসাৰণৰ প্ৰস্তাৱটো বিচাৰ কৰাৰ পিছত এই প্ৰস্তাৱ দেশৰ সাংবিধানিক স্থিতি ‘কলংকিত’ কৰাৰ প্ৰয়াস বুলি উপাধ্যক্ষগৰাকীয়ে উল্লেখ কৰে
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?