--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ ৰাজধানী জয়পুৰত ছ’চিয়েল মিডিয়াত চৰ্চিত আইআইটি বাবা ওৰফে অভয় সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

শিপৰা পাঠ আৰক্ষী থানাই তথ্য লাভ কৰিছিল যে বাবাই ৰিদ্ধি-সিদ্ধিৰ এখন হোটেলত থাকি তাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে।তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, আৰু তালাচী কৰাত কোঠাৰ পৰা গাঁজা উদ্ধাৰ হয়। কিন্তু উদ্ধাৰ হোৱা গাঁজাৰ পৰিমাণ অতি কম আছিল, যাৰ বাবে ইয়াক নিম্নস্তৰৰ অপৰাধ বুলি গণ্য কৰা হয়। আৰক্ষীয়ে কঠোৰ নিৰ্দেশ দি বাবাক মুকলি কৰি দিয়ে।

আইআইটি বাবা অভয় সিঙে তেওঁৰ জন্মদিন উদযাপনৰ বাবে জয়পুৰত উপস্থিত হৈছিল আৰু এই সময়ছোৱাতে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল ৷ আত্মহত্যাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে জেৰা চলায় ৷ 

আৰক্ষীৰ এই কাৰ্যৰ বিষয়ে সোধাত অভয় সিঙে কয় যে কোনোবাদিনা সংবাদমেল পাতি গোটেই কাহিনীটো ক’ব।তেওঁ কয় ‘সকলো কথা এবাৰ ক’ম। একেটা কথা বাৰে বাৰে আওৰাই থকাটো উচিত নহয়।’

সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত আইআইটি বাবা অভয় সিঙে কয় যে আত্মহত্যা আৰু আটক কৰাৰ বাতৰি সম্পূৰ্ণ ভুৱা। ইয়াত সত্যটো হ’ল গাঞ্জা গোচৰত আৰক্ষীয়ে সেই অনুসৰি আইন প্ৰয়োগ কৰিছে। আৰক্ষী আহি জামিন মঞ্জুৰ কৰি গুচি গ’ল।

ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ বিষয়ে লিখাৰ কথা সোধাত তেওঁ কয় যে মই লিখিছিলোঁ যে এতিয়া এই পৃথিৱীত কেৱল মহাদেৱেহে মোক ভাল পায়, আন কোনো নহয়।তেওঁ আগলৈ কয় যে তোমালোক সকলোৱে মোৰ পক্ষত নে মোৰ বিৰোধী, মই নাজানো। মই মাত্ৰ মহাদেৱৰ নিৰ্দেশ মানি চলিছো।

মহাকুম্ভৰ খ্যাতি অভয় সিং ওৰফে ‘আই আই টি বাবা’ক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত শিপ্ৰা পাঠ আৰক্ষী থানাৰ চি অ’ ৰাজেন্দ্ৰ গোধাই কয় যে তেওঁ ৰিদ্ধি সিদ্ধি ছেক্সনত থাকি আত্মহত্যাৰ চেষ্টা চলাই থকাৰ তথ্য আমি লাভ কৰিছো। আমি তাত উপস্থিত হৈ তেওঁক লগ কৰি কথা পাতিলোঁ।

আৰক্ষী বিষয়াৰ মতে বাবাই কৈছিল যে মই গাঞ্জা খাওঁ আৰু তেওঁ গাঁজা খোৱাৰ পিছত নিশ্চয় এই কথা কৈছিল। তেওঁ নিজেই উলিয়াই আনি ক’লে যে তেওঁৰ হাতত গাঞ্জাৰ পেকেট এটা আছে। তেওঁলোকৰ হাতত গাঁজা ৰখাৰ কোনো অনুজ্ঞাপত্ৰ নাই ৷

শিপৰা পাঠ আৰক্ষী থানাৰ চি অ’ই কয় যে এন ডি পি এছ আইনৰ অধীনত এয়া অপৰাধ। গাঁজা জব্দ কৰি থিতাতে গ্ৰেপ্তাৰ কৰে দুয়োকে। লগতে তেওঁ কয় যে এইটো জামিনযোগ্য অপৰাধ কাৰণ তেওঁৰ হাতত গাঞ্জা আছিল অতি কম, গতিকে তেওঁক জামিনত মুকলি কৰি দিয়া হয়। যদি আদালতত চালান দাখিল কৰা হয় তেন্তে তেওঁলোকে হাজিৰ হ’ব লাগিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?