--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্রচণ্ড গৰমে বহুতৰে শৰীৰৰ শক্তি প্রায় নোহোৱা কৰি পেলায়। দীঘলীয়া সময় প্রচণ্ড গৰমত থাকিলে বেছিভাগ মানুহেই দুর্বল অনুভৱ কৰে আৰু বহুতো লোক খিংখিঙীয়া হৈ পৰে। এইবিলাক সচৰাচৰ দেখা পোৱা কথা। কিন্তু শেহতীয়া এক অধ্যয়নে প্রচণ্ড গৰমে শৰীৰত পেলোৱা অন্য কেতবোৰ প্ৰভাৱৰ দিশ পোহৰলৈ আহিছে। 


আমেৰিকাত কৰা এটা অধ্যয়নৰ জৰিয়তে প্রচণ্ড গৰমে আমাৰ শৰীৰত কেনে ধৰণৰ প্ৰভাৱ পেলায়, সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ পৰা জানিব পৰা মতে, প্রচণ্ড গৰমৰ ফলত আমাক অধিক বৃদ্ধ কৰি তোলে। গৰমে মানুহৰ শৰীৰৰ এপিজেনেটিক্স সলনি কৰি দিয়ে। এপিজেনেটিক্স এক শাৰীৰিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে আমাৰ শৰীৰ কোষবোৰে পৰিৱেশৰ বাবে সন্মুখীন হোৱা চাপৰ সন্মুখীন হোৱাৰ বাবে জিনবোৰক সক্রিয় বা নিষ্ক্রিয় কৰি দিয়ে। অধ্যয়নটোৰ সময়ত ইয়াত অংশগ্ৰহণ কৰা এজন ব্যক্তি অধিক দিন প্রচণ্ড গৰমত থকাৰ পাছত তেওঁক প্রকৃত বয়সতকৈ অধিক বয়সৰ যেন দেখা পোৱা যায়। 

আনহাতে, অত্যধিক গৰমত থকাৰ ফলত এজন বৃদ্ধ তেওঁৰ শৰীৰ প্ৰকৃত বয়সতকৈ দুবছৰ অধিক বয়সৰ হৈ পৰে। অধ্যয়নটোৰ পৰা লগতে জানিব পৰা মতে, যিমানেই জলবায়ু গৰম হয়, মানৱ শৰীৰ সিমানেই গৰমৰ সম্পৰ্কলৈ আহে আৰু এই চাপৰ সন্মুখীন হৈ দ্ৰুতগতিত শৰীৰে বৃদ্ধৰ ৰূপ লোৱাৰ দিশে আগবাঢ়ে। উল্লেখযোগ্য যে বৃদ্ধ হোৱাৰ হাৰ সকলোৰে বাবে সুকীয়া সুকীয়া। ইয়াৰ কাৰণো ভিন্ন ভিন্ন হয়। উদাহৰণস্বৰূপে কোনো ব্যক্তিয়ে পর্যাপ্ত সময় নুশুলে দ্রুতগতিত বৃদ্ধ হোৱাৰ দিশত আগবাঢ়ে। গৰমে আমাক প্ৰত্যক্ষভাৱে ৰুগীয়া কৰিব পাৰে বা মৃত্যুৰ মুখলৈও লৈ যাব পাৰে। কিন্তু ইয়াৰ এক দীঘলীয়া প্ৰক্ৰিয়া আছে। একেৰাহে উষ্ণ পৰিৱেশত থাকিলে আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰে আৰু জীৱিত হৈ থকাৰ কাৰণে প্রয়োজন হোৱা ভালেমান কামত দক্ষতা হ্রাস কৰে।

উৎসঃ দৈনিক জনমভূমি 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?