--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি আনন্দৰে এখন বিয়া চলি আছিল৷ সকলো ৰীতি-নীতে মতে সম্পন্ন হৈছিল৷ এইবাৰ আহিল বৰমালা পিন্ধোৱাৰ পৰ্ব৷ দৰা-কইনাই বৰমালা পিন্ধাই ইজনে-সিজনক জীৱনটোলৈ আদৰি ললে৷ বৰমালা পিন্ধোৱাৰ পাছত এইবাৰ কইনাৰ মন গল ৰসগোল্লা খাবলৈ৷ ৰসগোল্লা খাই হাত ধোৱাৰ চলেৰে প্ৰেমিকাই কৰিলে এক নকৰিবলগীয়া কাণ্ড৷ যি কাণ্ডই সকলোকে লজ্জিত কৰিছে। 

হাত ধুবলৈ গৈ কইনাই প্ৰেমিকৰ সৈতে পলায়ন কৰে। বিহাৰৰ মুংগেৰ জিলাত ঘটিছে এই ঘটনা। কইনাৰ পৰিয়ালৰ লোকে থানাত উপস্থিত হৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে, ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ। অৰুণ মণ্ডলৰ কন্যা ২১ বছৰীয়া নন্দিনী ওৰফে নেহা কুমাৰীৰ বিবাহে এতিয়া চৰ্চা লাভ কৰিছে। বিয়াখনৰ আনন্দ মুহূৰ্ততে সলনি হল বিষাদলৈ। 

দৰা আৰু দৰাপক্ষই যেতিয়া গম পালে যে কইনা প্ৰেমিকৰ লগত পলাই গৈছে, তেতিয়া সকলোৰে খং উঠিল আৰু দৰাজনে মূৰত পিন্ধি থকা পাগুৰিটো পেলাই দিলে। ইয়াৰ পিছত মূৰত পাগুৰি পিন্ধা বিয়াৰ আলহীসকলেও একে কামকে কৰিলে। ছোৱালীজনীৰ পৰিয়ালে দৰাক তেওঁলোকৰ দ্বিতীয় কন্যাক বিয়া দিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও দৰাৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰি খঙত গুচি যায়।

নেহাৰ পিতৃ অজয় ​​মণ্ডলে ক’লে- আমাৰ চাৰিজনী ছোৱালী আৰু দুজন ল’ৰা৷ আমি গোটেই পৰিয়ালটোৰ সৈতে দিল্লীত থাকি শ্ৰমিক হিচাপে কাম কৰোঁ। আমি যোৱা বছৰ সংগ্ৰামপুৰ ব্লকৰ বৈজনাথপুৰ গাঁৱৰ নিবাসী কপিলদেৱ মণ্ডলৰ পুত্ৰ অমৰজীত কুমাৰৰ লগত আমাৰ ডাঙৰ কন্যা নেহাৰ বিয়া ঠিক কৰি দিছিলোঁ। বিবাহৰ বাবে ডেৰ-দুই লাখ টকাও যৌতুক হিচাপে দিয়া হৈছিল। 

২০২৪ চনৰ নৱেম্বৰ মাহত ছঠ পূজাৰ সময়ত নেহাৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও ল’ৰাটোৰ পৰিয়ালে কিবা কাৰণত নাকচ কৰিছিল। ইয়াৰ পিছত বিয়াৰ তাৰিখ ২৩ এপ্ৰিল ২০২৫ তাৰিখে নিৰ্ধাৰণ কৰা হ'ল। বুধবাৰে দৰাৰ বাৰাত আমাৰ ঘৰলৈ আহিছিল আমি তেওঁলোকক আদৰি লৈছিলো। বিয়াৰ আলহীসকলৰ খোৱাৰ বাবে মাছ-ভাতৰ ব্যৱস্থা কৰা হ’ল। কিন্তু মোৰ ছোৱালীজনী বৰমলা অনুষ্ঠানৰ অন্তত নিজৰ কোঠালৈ গৈছিল। কিছু সময়ৰ পিছত তাইক বিয়াৰ মণ্ডপলৈ মতা হৈছিল কিন্তু তাই কোঠাটোত নাছিল। আমি তাইক বিচাৰি থাকোঁতে গম পালোঁ যে তাই প্ৰেমিকৰ লগত পলাই গৈছে।

ভগ্নীয়ে কয় যে বিয়াত মালা বিনিময়ৰ পিছত কইনাই কৈছিল, ''মোৰ ভোক লাগিছে, মোৰ বাবে ৰসগোল্লা দুটা আনি দিয়া।'' মই তাইলৈ ৰসগোল্লা লৈ আহিলোঁ। তাই খোৱাৰ পাছত হাত ধুবলৈ গ’ল। কিন্তু কিছুসময়ৰ পাছত যেতিয়া তাইক কন্যাদানৰ মতা হৈছিল, তেতিয়া তাই তাইৰ কোঠাত নাছিল।'' 

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?