--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া নিশ্চিত কৰে যে গুৱাহাটী আৰক্ষীয়ে অশ্লীলতাৰ প্ৰচাৰ আৰু যৌন সম্পৰ্কীয় আলোচনাত লিপ্ত হোৱাৰ অভিযোগত বিয়েৰবাইচেপৰ ৰণবীৰ আল্লাবাদিয়া আৰু আশীষ চাঞ্চলানীকে ধৰি কেইবাজনো জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে বিশিষ্ট ব্যক্তিসকলৰ নাম উল্লেখ কৰি বিতৰ্কিত শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰে।

তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৭ৰ লগতে বিএনএছ ২০২৩ৰ ধাৰা ৭৯, ৯৫, ২৯৪, আৰু ২৯৬ৰ অধীনত দাখিল কৰা এই এফআইআৰত ১৯৫২ চনৰ চিনেমাট’গ্ৰাফ আইন আৰু ১৯৮৬ চনৰ মহিলাৰ অশ্লীল প্ৰতিনিধিত্ব (নিষেধাজ্ঞা) আইনৰ অধীনত থকা বিধানসমূহো উল্লেখ কৰা হৈছে।

গুৱাহাটী অপৰাধ শাখাই চাইবাৰ আৰক্ষী থানাৰ গোচৰ নং ০৩/২০২৫ৰ অধীনত গোচৰ ৰুজু কৰি, সম্প্ৰতি তদন্ত অব্যাহত আছে।

সময় ৰাইনাৰ শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টত কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰণবীৰ আল্লাহবাদিয়া। শেহতীয়া খণ্ডটোত আল্লাহবাদিয়াই এজন প্ৰতিযোগীক এটা অনুপযুক্ত আৰু স্পষ্ট প্ৰশ্ন সুধিছিল, যিটো প্ৰশ্ন বৰ্তমান ভাইৰেল হৈ পৰিছে। শ্ব'টোত আন আন বিশিষ্ট কন্টেন্ট ক্ৰিয়েটৰ যেনে আশীষ চাঞ্চলানী, যশপ্ৰীত সিং, আৰু "দ্য ৰিবেল কিড" নামেৰে পৰিচিত অপূৰ্ব মুখিজা আদিও দেখা গৈছিল। তেওঁৰ এই মন্তব্যই সমগ্ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?