--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৬ দিনৰ সময় দিয়াৰ পাছত ন্যায়ধীশ তথা আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ (আই চি জে) অধ্যক্ষ নৱাফ চালামক লেবাননত চৰকাৰ গঠন কৰিবলৈ আহ্বান জনোৱা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা শনিবাৰে চৰকাৰ গঠনৰ বাবে চালামক এই আহ্বান জনোৱা হয়। 

আনহাতে, দেশখনৰ ৰাষ্ট্ৰপতি যোছেফ আউনে নাজিৱ মিকাটিৰ ভাৰপ্ৰাপ্ত চৰকাৰৰ পদত্যাগ-পত্ৰ গ্রহণ কৰে। অহা মঙলবাৰে নৱাফ চালামৰ মন্ত্ৰী পৰিষদে ইয়াৰ প্ৰথমখন অধিৱেশন ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰিব। চৰকাৰ গঠনৰ বিষয়ত ঘোষণা কৰাৰ পাছত চালামে কয় যে অনাগত চৰকাৰখনে দেশখনৰ সংস্কাৰৰ দিশত কাম কৰি লেবাননক প্ৰগতিৰ দিশত লৈ যাব। 

ৰাষ্ট্ৰপতি আউনৰ সৈতে একেলগে কাম কৰি এখন নতুন লেবানন গঢ় দিবলৈ তেওঁলোকে এক কর্মসূচী মুকলি কৰিব বুলি চালামে কয়। উল্লেখযোগ্য যে দীর্ঘদিনৰ অচলাৱস্থাৰ অন্ত পেলাই লেবাননত ২ বছৰৰ পাছত এখন পূর্ণ পৰ্যায়ৰ চৰকাৰ গঠন কৰা হ'ব। লেবাননৰ দীৰ্ঘদিনৰ সমস্যাসমূহ সমাধান কৰাত প্রতিশ্রুতিবদ্ধ বুলি চালামে কয় যে ন্যায়িক দিশত সংস্কাৰ, স্থবিৰ হৈ পৰা অৰ্থনীতি তৰান্বিত কৰা আৰু দেশখনত ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষা অনাৰ দিশত তেওঁ অগ্রাধিকাৰ দিব। বিগত বৰ্ষৰ নৱেম্বৰত ইজৰাইল আৰু হিজবুল্লাৰ মাজত সম্পাদন হোৱা যুদ্ধ-বিৰতি চুক্তি শেহতীয়া সংঘৰ্ষই ভংগ কৰা বিষয়তো উদ্বেগ প্রকাশ কৰি তেওঁ যুদ্ধ-বিৰতি চুক্তিখন ৰূপায়ণৰ দিশত গুৰুত্ব দিব বুলি কয়।

আনহাতে, লেবাননৰ অঞ্চলসমূহৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। আনহাতে, দেশখনত ইজৰাইলৰ আগ্রাসন হৈয়ে আছে। ছিৰিয়াৰ সৈতে থকা দেশখনৰ পূব সীমান্তৰ সমীপৰ জনটাত ইজৰাইলে ড্র'ন আক্ৰমণ কৰি ছজন লোকক হত্যা কৰিছিল আৰু দুজন আহত হৈছিল।

(উৎসঃ দৈনিক জনমভূমি)
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?