--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন আয়কৰ বিধেয়ক ২০২৫ৰ লক্ষ্য হৈছে দেশৰ প্ৰত্যক্ষ কৰ আইন সৰলীকৰণ। ইয়াত কোনো নতুন কৰ বোজা প্ৰৱৰ্তন কৰা নহ’ব যদিও বৰ্তমানৰ বিধানসমূহ সুশৃংখলিত কৰিবলৈ, দীঘলীয়া ধাৰা আৰু জটিল বাক্যসমূহ আঁতৰাই আইনখনক অধিক সুলভ কৰি তুলিবলৈ এই বিধেয়ক অনা হৈছে।

বৰ্তমানৰ আয়কৰ আইনখন সাধাৰণ কৰদাতাৰ বাবে যথেষ্ট জটিল। এই জটিলতাৰ লগতে আইনী সমস্যাৰ পৰা হাত সাৰিবলৈ কৰদাতাসকলে কৰ বিশেষজ্ঞ বা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আশ্ৰয় লয়। এক প্ৰতিবেদন অনুসৰি নতুন আয়কৰ আইনখন অতি সহজ হ’ব যিটো কৰদাতাসকলে বুজিবলৈ সহজ হ’ব ৷

উল্লেখ্য যে বৰ্তমান আয়কৰ আইন ১৯৬১ বলবৎ হৈ আছে। এই বিধেয়কখন ৬৪ বছৰ পূৰ্বে ১৯৬১ চনত কাৰ্যকৰী কৰা হৈছিল। তেতিয়াৰ পৰাই মানুহৰ উপাৰ্জনৰ ধৰণ, কৰ গাঁথনি, অৰ্থনৈতিক ব্যৱস্থা ইত্যাদি বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। এনে পৰিস্থিতিত চৰকাৰে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন আয়কৰ বিধেয়ক উত্থাপন কৰিব, যাৰ ফলত জটিল কৰ গাঁথনি, আইনী জটিলতা সৰল হ’ব আৰু আয়কৰৰ বিধান হ্ৰাস পাব বুলি আশা কৰা হৈছে।

নতুন আয়কৰ বিধেয়কে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰিব নেকি?

সংবাদ সংস্থা “বিজনেছ ষ্টেণ্ডাৰ্ডে”এই নতুন আইনত কৰ হাৰৰ কোনো পৰিৱৰ্তন হ’ব বুলি নাভাবে। কাৰণ কৰ হাৰ সলনি কৰাৰ দৰে কামবোৰ প্ৰতি বছৰে বাজেট দাখিল কৰাৰ সময়ত বিত্ত আইন (Finance Act) অনুসৰি কৰা হয়। আগন্তুক ২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত যিখিনি পৰিৱৰ্তন হ’ব, সেই সকলোবোৰ এই নতুন আইনত অন্তৰ্ভুক্ত কৰা হ’ব।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নতুন কৰ আইনখন ৰাজহ নিৰপেক্ষ (Revenue Neutral) হ’ব। নতুন আইনখনে মূলতঃ ভাষাৰ স্পষ্টতা, সৰলতা আৰু কৰ দাখিল ব্যৱস্থাৰ সৰলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। 

নতুন আয়কৰ আইনত কি পৰিৱৰ্তন কৰিব পাৰে?

নতুন আয়কৰ আইনখন কম পৰিসৰৰ আৰু পৰিপাটি হ’ব পাৰে। যিবোৰ সাধাৰণ কৰদাতাসকলে বুজিবলৈ সুবিধাজনক হ’ব। চৰকাৰে বিচাৰে নতুন আইনখন পুৰণি আইনখনৰ আধা আকাৰৰ হওক। যাতে কৰদাতাসকলে দিবলগীয়া কৰ সঠিক পৰিমাণ বুজিবলৈ কোনো অসুবিধা নাপায়। নতুন আইনখনৰ লক্ষ্য হৈছে অপ্ৰয়োজনীয় আইনী জটিলতা আৰু বিতৰ্কিত কৰ যিমান পাৰি হ্ৰাস কৰা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?