ডিজিটেল ডেস্ক : উপাসনাই মানুহৰ মনলৈ শান্তি, সুখ-সমৃদ্ধিৰ লগতে ইতিবাচকতাও আনে। সেয়েহে দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ মানুহে নিতৌ পূজা-অৰ্চনা কৰে। কাৰণ ঈশ্বৰৰ আশীৰ্বাদে জীৱনত সুখ-আনন্দ কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কিন্তু বহু সময়ত দেখা যায় যে মানুহে পূজা কৰাৰ পাছতো তাৰ সম্পূৰ্ণ ফল নাপায় বা এজনে ব্যক্তিয়ে জীৱনত বহু কষ্ট কৰাৰ পাছতো তাৰ যথোচিত ফল নাপায় কিয়?
* পূজা কৰাৰ সঠিক সময় আৰু পদ্ধতি-
ঈশ্বৰ উপাসনাৰ বহুতো নিয়ম তথা শুদ্ধ পদ্ধতি ধৰ্মশাস্ত্ৰত উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত পূজা কৰাৰ উপযুক্ত সময়ো অন্তৰ্ভুক্ত। পূজাৰ পূৰ্ণ ফল বা গুণ তেতিয়াহে লাভ কৰে, যেতিয়া পূজাৰ পদ্ধতি শুদ্ধ হয় আৰু সঠিক সময়ত কৰা হয়। অন্যথা ভুল সময়ত কৰা পূজা আধৰুৱা বুলি গণ্য কৰা হয়। সেয়েহে আমি পূজা কৰাৰ উপযুক্ত সময় আৰু পদ্ধি সম্পৰ্কে কিছু কথা জানো আহক।
* এই সময়ত পূজা নকৰিব-
১. ধৰ্মশাস্ত্ৰ অনুযায়ী দুপৰীয়া পূজা কৰা উচিত নহয়। এই সময় পূজাৰ বাবে নিষিদ্ধ বুলি গণ্য কৰা হয়। সেয়েহে দুপৰীয়া কিছু সময়ৰ বাবে মন্দিৰৰ দুৱাৰবোৰো বন্ধ হৈ থাকে। দুপৰীয়া ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত কৰা পূজা ঈশ্বৰে গ্ৰহণ নকৰে বুলি বিশ্বাস কৰা হয়। এই সময়ত কৰা পূজাৰ ফল পোৱা নাযায়।
২. আৰতি কৰাৰ পাছত কেতিয়াও পূজা নকৰিব। পূজাৰ শেষত সদায় আৰতি কৰা হয়।
৩. পূজা সদায় বিশুদ্ধ আৰু পবিত্ৰ অৱস্থাত কৰা উচিত। মাহেকীয়াৰ সময়ত মহিলাসকলে পূজা কৰাটো নিষিদ্ধ।
৪. যেতিয়া ঘৰত সুতক আৰু পাটক স্থাপন কৰা হয়। অৰ্থাৎ যেতিয়া ঘৰত সন্তান জন্ম হয় বা কোনো সদস্যৰ মৃত্যু হয়। সেই সময়ত পূজা কৰা উচিত নহয়।
৫. হিন্দুধৰ্মত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত পূজা কৰা নিষিদ্ধ। গতিকে সূৰ্যগ্ৰহণৰ সময়ত পূজা নকৰিব। অৱশ্যে এই সময়ত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মন্ত্ৰ জপ কৰা হয়।
* পূজাৰ বাবে সঠিক সময়-
ধৰ্মগ্ৰন্থত পূজাৰ বাবে শুভ সময়ৰ কথা উল্লেখ কৰা হৈছে। এই সময়ত পূজা কৰাটো অতি শুভ-
প্ৰথম পূজাৰ সময়- ব্ৰহ্ম মুহূৰ্ত পুৱা ০৪:৩০ বজাৰ পৰা ৫:০০ বজালৈ
দ্বিতীয় পূজা – পুৱা ০৯ বজালৈ
দুপৰীয়াৰ পূজা – দুপৰীয়া ১২ বজাত
সন্ধিয়া পূজা- সন্ধিয়া ০৪:৩০ৰ পৰা ৬:০০ বজালৈ
শয়ন পূজা - নিশা ৯:০০ বজাত