--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৰক্কোত সংঘটিত বিধ্বংসী ভূমিকম্পৰ বিভীষিকা এতিয়াও মাৰ যোৱা নাই৷ ২০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে এই ভূমিকম্পত৷ 

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি উত্তৰ আফ্ৰিকাৰ এই অংশত বিগত এটা শতিকাত এনেধৰণৰ বৃহৎ ভূমিকম্প হোৱা নাই। মৰক্কোৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ভূপৃষ্ঠৰ পৰা ১৮.৫ কিলোমিটাৰ তলত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

এই বিধ্বংসী ভূমিকম্পৰ পাছত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে৷ ৰোনাল্ডোৱে তেওঁৰ হোটেল পেষ্টানা চিআৰ7 প্ৰয়োজন হোৱা লোকসকলৰ বাবে মুকলি ৰাখিছে। এই শোকাৱহ ভূমিকম্পৰ পাছত ফুটবলাৰজনে আফ্ৰিকান ৰাষ্ট্ৰৰ বাবে মহৎ কাম কৰি মানৱতাৰ মহান দৃষ্টান্ত দাঙি ধৰিছে৷

এইটো মন কৰিবলগীয়া যে তাৰকা ফুটবলাৰজনে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত ভুক্তভোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি অহা কাৰ্য এয়াই প্ৰথম নহয়। তেওঁ পূৰ্বে তুৰস্ক-চিৰিয়াৰ লোকসকললৈও ভূমিকম্পৰ সময়ত সহায়ৰ হাত আগবঢ়াইছিল৷

মাৰাকেচৰ উপকণ্ঠত অৱস্থিত ৰোনাল্ডোৰ হোটেলখনক ফ’ৰ ষ্টাৰ দিয়া হৈছে আৰু ইয়াত পুল, ফিটনেছ চেণ্টাৰ, ৰেষ্টুৰেণ্ট আৰু টেৰেছকে ধৰি অসংখ্য সুবিধা আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?