--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইৰাণত অব্যাহত আছে হিজাব বিৰোধী প্ৰতিবাদ। শাসক পক্ষৰ বাবে চৰম অস্বস্তিৰ কাৰণ হৈ পৰা এই হিজাব বিৰোধী প্ৰতিবাদ দমন কৰিবলৈ এটাৰ পিছত আন এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণ চৰকাৰে।

মহছা আমিনীৰ মৃত্যুৰ পাছৰে পৰা আৰম্ভ হোৱা এই প্ৰতিবাদে এতিয়া ব্যাপক গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে৷ সৰ্বত্ৰ বিয়পিছে হিজাব বিৰোধী আন্দোলনৰ জুই৷

এনে পৰিপ্ৰেক্ষিতত এই আন্দোলনক দমন কৰিব বিচাৰি আছে ইৰাণ চৰকাৰে। ইয়াৰ মাজতে ইৰাণৰ এখন আদালতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু তিনিগৰাকী প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

এই তিনিওগৰাকী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ‘ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা’ৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰতিবাদকাৰীৰ বিৰুদ্ধেই কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা বিষয়টোৱে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে ব্যাপক চৰ্চা।

অলপতে দুগৰাকী প্ৰতিবাদকাৰীক ফাঁচী প্ৰদান কৰা হৈছিল। এই দুয়োজনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ অভিযোগ আছিল। এই দুজনৰ ভিতৰত এজন কাৰাটে চেম্পিয়ন আছিল।  

শেহতীয়া খবৰ অনুসৰি মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা প্ৰতিবাদকাৰী তিনিজন হ’ল ছালেহ মিৰহাছমী, মজিদ কাজেমী আৰু ছাইদ ইয়াঘৌবী। ইছফাহান চহৰত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত চৰকাৰ সমৰ্থক মিলিচীয়াক হত্যা কৰাৰ অভিযোগত তিনিওজনকে দোষী সাব্যস্ত কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?