ডিজিটেল ডেস্ক : হিন্দুধৰ্মত গৰুড়
পুৰাণ গ্ৰন্থৰ বিশেষ গুৰুত্ব আছে। ইয়াত কেৱল জীৱন-মৃত্যু আৰু স্বৰ্গ-নৰকৰ কথাই নহয়,
এনে বহু গুৰুত্বপূৰ্ণ তথ্য গৰুড় পুৰাণত উল্লেখ আছে যিটো মানুহৰ জীৱনৰ লগত জড়িত। গৰুড়
পুৰাণত উল্লেখ কৰা নিয়ম মানি চলি এজন ব্যক্তিয়ে জীৱনৰ সকলো সুখ ভোগ কৰে আৰু এনে লোকে
মৃত্যুৰ পাছতো স্বৰ্গসুখ লাভ কৰে।
জীৱনৰ বহু সময়ত এনে হয় যে বহুত অৰ্থ উপাৰ্জনৰ পাছতো আৰ্থিক অভাৱ থাকে। ইয়াৰ কাৰণ মানুহৰ অভ্যাস, গৰুড় পুৰাণত উল্লেখ কৰা অনুসৰি এজন ব্যক্তি নিজৰ অভ্যাসৰ বাবেই দৰিদ্ৰ হয়। যদি আপোনাৰো এই অভ্যাস আছে, তেন্তে এই অভ্যাসবোৰৰ পৰা দূৰত্ব বজাই ৰাখক, নহ’লে ই আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হৈ পৰিব পাৰে।
* এই ৩টা অভ্যাসে ৰজাকো দৰিদ্ৰ বনাব পাৰে-
১. গৰুড় পুৰাণৰ মতে যি ঘৰত খাদ্য
প্ৰথমে ভগৱানক আগবঢ়ায়, সেই ঘৰত মালক্ষ্মী বাস কৰে আৰু মাঅন্নপূৰ্ণাৰ আশীৰ্বাদ লাভ
কৰে। এনে ঘৰ সদায় খাদ্যশস্যৰে ভৰি থাকে। কিন্তু মনত ৰাখিব যে ঈশ্বৰক আগবঢ়োৱা খাদ্য
বিশুদ্ধ হ’ব লাগে।
২. গৰুড় পুৰাণৰ মতে কোনো ব্যক্তিয়ে নিজৰ ধন-সম্পত্তিক লৈ কেতিয়াও গৌৰৱ কৰিব নালাগে। গৌৰৱ কৰি আপুনি আনক অপমান কৰে আৰু ই আপোনাৰ অহংকাৰ ভাব প্ৰকাশ কৰে। মালক্ষ্মীয়ে এনে লোকৰ ওপৰত অসন্তুষ্ট হৈ পৰে। সেয়েহে নিজৰ ধন-সম্পত্তিৰ বাবে গৌৰৱ কৰাৰ পৰিৱৰ্তে ভগৱানক ধন্যবাদ দি আৰ্তজনক সামৰ্থ্য অনুযায়ী সহায় কৰা উচিত।
৩. যিসকলে ধৰ্মশাস্ত্ৰ পাঠ নকৰে, তেওঁলোকৰ ঘৰত নেতিবাচকতাই বাস কৰিবলৈ আৰম্ভ কৰে। সেইবাবেই নিশ্চিতভাৱে ৰামায়ণ, মহাভাৰত, গৰুড় পুৰাণ আদি ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰক বা এনে অনুষ্ঠানত নিয়মীয়াকৈ অংশগ্ৰহণ কৰক আৰু শাস্ত্ৰ অধ্যয়নৰ জৰিয়তে ঈশ্বৰক স্মৰণ কৰক।