--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নবিছে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত বহু শক্তিশালী নেতাক পিছপেলাই মুুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হৈছে ফাড়নবিছ। নিৰ্বিবাদে দেৱেন্দ্ৰ ফাড়নবিছ মহাৰাষ্ট্ৰ বিজেপিৰ সৰ্ববৃহৎ নেতা হিছাপে পৰিগণিত হয়। নেতা গৰাকীয়ে মাত্ৰ ৪৪ বছৰ বয়সতে ২০১৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ শাসনৰ বাঘজৰী লাভ কৰিছিল।ৰাজ্যখনত নীতিন গাডকাৰীৰ দৰে শক্তিশালী নেতা থকাৰ পাছতো তেওঁ মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ সাফল্য অৰ্জন কৰে।

মহাৰষ্ট্ৰৰ এই প্ৰভাৱশালী নেতা দেৱেন্দ্ৰ ফাড়নবিছৰ বিষয়ে চমু আভাষ লওঁ আহক...
 
তেওঁৰ পিতৃ গংগাধৰ ৰাও ফড়নবিছ আছিল বিজেপিৰ এম এল চি আৰু জন সংঘৰ সক্ৰিয় সদস্য । এনে পৰিস্থিতিত  ৰাজনীতিৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ঘৰতে লাভ কৰিছিল তেওঁ। পিতৃ সংঘ আৰু বিজেপিৰ সক্ৰিয় সদস্য হোৱাৰ স্বত্তে দেৱেন্দ্ৰ ফাড়নবিছেও সংঘত যোগদান কৰে আৰু শাখালৈ যাবলৈ আৰম্ভ কৰিছিল। 

১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা সময়ত তেওঁৰ পিতৃক জেলত ভৰোৱা হৈছিল। সময়ত তেওঁৰ বয়স আছিল প্ৰায় পাঁচ বছৰ। জৰুৰীকালীন অৱস্থাত সমগ্ৰ দেশৰ প্ৰতিজন শিশুৰ ওঁঠত ইন্দিৰা গান্ধীৰ নাম আছিল। পিতৃক জেললৈ পঠিওৱাৰ বাবেই ইন্দিৰা গান্ধীৰ নামক ঘৃণা কৰিবলৈ  লৈছিল। তেওঁৰ পিতৃ গংগাধৰ ফাড়নবিছে নিজৰ পুত্ৰক নাগপুৰৰ ইন্দিৰা কনভেণ্ট স্কুলত ভৰ্তি কৰি দিছিল যদিও দেৱেন্দ্ৰ ফাড়নবিছৰ শৈশৱৰ স্মৃতিত ইন্দিৰা নামটোৰ প্ৰতি থকা বিৰাগৰ বাবে ইন্দিৰা কনভেন্ট স্কুলত পঢ়িবলৈ অস্বীকাৰ কৰিছিল। সেয়ে  তেওঁক সৰস্বতী বিদ্যালয়ত ভৰ্তি কৰা হয়। তাৰ পিছত সৰস্বতী বিদ্যালয়ৰ পৰাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হয়।তাৰ পিছত নাগপুৰৰ পৰাই আইনৰ ডিগ্ৰী লাভ কৰে। অৱশ্যে দেৱেন্দ্ৰ ফাড়নাভবিছৰ আইনৰ ডিগ্ৰী থকাৰ পাছতো তেওঁ কেতিয়াও অনুশীলন কৰা নাছিল।

কলেজীয়া দিনৰ পৰাই তেওঁ এবিভিপিৰ কাম-কাজত জড়িত হৈ পৰিছিল। মাত্ৰ ২২ বছৰ বয়সতে নাগপুৰ পৌৰ নিগমৰ কাউন্সিলাৰ হৈছিল আৰু মাত্ৰ ২৭ বছৰ বয়সতে নাগপুৰৰ মেয়ৰ নিৰ্বাচিত হয়। তাৰ পিছত ১৯৯৯ চনত তেওঁ বিধানসভাত উপস্থিত হয়। বিধানসভাত গোপীনাথ মুণ্ডে আৰু নীতিন গাডকাৰীৰ দৰে ক্ষমতাশালী নেতাৰ আগত তেওঁ নিজৰ দক্ষতাৰ পৰিচয় দাঙিধৰিছিল৷

২০১৩ চনত মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰাই ৰাজনৈতিক জীৱনত ডাঙৰ টাৰ্নিং পইণ্ট আহে। আৰু ২০১৪ চনৰ বিধানসভা নির্বাচনৰ পাছত ফাড়নবিছ মহাৰাষ্ট্রৰমুখ্যমন্ত্রী পদত অধিস্থিত হয়৷

উল্লেখযোগ্য যে ২০১৯ চনত শিৱসেনা আৰু বিজেপিৰ মিত্ৰতাত বিভাজনৰ পিছত উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী হয়। ২০২২ চনত শিৱসেনাত বিদ্ৰোহ সংঘটিত হয় আৰু একনাথ শিণ্ডেৰ নেতৃত্বত চৰকাৰ গঠন হয়।ফাড়নবিছ উপ-মুখ্যমন্ত্ৰী হৈছিল। এই সময় অতিক্ৰম কৰি ২০২৪ বৰ্ষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হয়৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?