--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত চিনহাটৰ ইণ্ডিয়ান অভাৰচিজ বেংকৰ লকাৰ কাটি কোটি টকাৰ চুৰি কাণ্ডত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। আৰক্ষীয়ে চুৰিৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ লগত জড়িত আন ৪ জন দুষ্কৃতিকাৰীৰ সন্ধান অব্যাহত আছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা উদ্ধাৰ কৰিছে সোণ-ৰূপৰ গহনা।

এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিবলৈ দিয়ে যে এই ডকাইতি কাণ্ড সাতটা দুস্কৃতিকাৰীয়ে একেলগে সংঘটিত কৰিছিল। অভিযুক্তই বেংকৰ পিছফালৰ দেৱাল ভাঙি বেংকৰ ৪০টাতকৈও অধিক লকাৰ কাটি বৃহৎ ডকাইতি সংঘটিত কৰে। এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ পৰা ১ কেজি ৮৮৯ গ্ৰাম সোণ আৰু ১ কেজি ২৪০ গ্ৰাম ৰূপ উদ্ধাৰ কৰা হৈছে।

এই ঘটনাৰ লগত জড়িত চাৰি অভিযুক্ত বিহাৰৰ লক্ষীচৰাইৰ মিথুন কুমাৰ, সোবিন্দ কুমাৰ, ছানি দয়াল আৰু বিপিন কুমাৰ ভাৰ্মা পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযুক্তক জেৰা অব্যাহত ৰখাৰ বিপৰীতে বাকী অভিযুক্তক বিচাৰি আৰক্ষীৰ কেইবাটাও দল মোতায়েন কৰা হৈছে। যিয়ে অহৰহ সম্ভাৱ্য স্থানত অভিযান চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰি আছে।

চুৰিৰ গোচৰত ইণ্ডিয়ান অভাৰচিজ বেংকে এক বিবৃতি জাৰি কৰিছে। চুৰি কাণ্ডক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি বেংকে ক্ষিপ্ৰ আৰু কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰি ২৪ ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষী আৰু স্থানীয় প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ পিছতো এই ঘটনা সংঘটিত হৈছে যদিও আমি আমাৰ স্বাৰ্থৰ কথা মনত ৰাখিছো গ্ৰাহকসকলক প্ৰতিৰক্ষাৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ। তদন্ত প্ৰক্ৰিয়াত বেংকটোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। এই ঘটনাত আমি ক্ষতিগ্ৰস্ত গ্ৰাহকৰ সৈতে কথা পাতিছো তেওঁলোকক সহায় কৰিবলৈ।

বেংকে সকলো একাউণ্টধাৰীক আশ্বাস দিয়ে যে এনে ঘটনাৰ বীমা কভাৰেজ আছে আৰু আমাৰ গ্ৰাহক আৰু তেওঁলোকৰ সম্পত্তি সুৰক্ষিত কৰাটো বেংকৰ শীৰ্ষ প্রাধান্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?