--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এলৰ পাছতে ভাৰতীয় ক্রিকেট দলে ইংলেণ্ড ভ্ৰমণ কৰিব। ভাৰতে এই ভ্রমণটোত পাঁচখন টেষ্ট মেচ খেলিব। এই ভ্রমণটোত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কৰূপে থকাৰ সম্ভাৱনা আছে। বি চি চি আইৰ সূত্ৰই এই কথা প্রকাশ কৰিছে। সূত্ৰটোৰ মতে কাৰিকৰীভাৱে ৰোহিত টেষ্ট দলৰ অধিনায়ক। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ ছিডনীত অনুষ্ঠিত অন্তিম টেষ্টত নিজে নেখেলাৰ সিদ্ধান্ত লৈছিল।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণত ৰোহিতৰ উপৰি দলটোৰ আন কেইবাজনো বেটাৰ ফৰ্মত নাছিল। সূত্ৰটোৱে লগতে কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পাছত ভাৰতে টেষ্ট মেচ খেলা নাই। সেয়েহে অধিনায়কো সলনি হোৱা নাই। ইয়াৰ লগতে ৰোহিতে টেষ্ট খেলিবলৈ বিচৰা নাই বুলি কেতিয়াও কোৱা নাই। অৱশ্যে ইংলেণ্ড ভ্রমণক লৈ ৰাষ্ট্ৰীয় নির্বাচক কমিটীয়ে এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। সূত্ৰটোৰ মতে, আই পি এল আৰম্ভ হোৱাৰ পাছত ইংলেণ্ড ভ্ৰমণৰ কাৰণে ভাৰতীয় দল বাছনি কৰাৰ
বিষয়ে চিন্তা কৰা হ'ব। আই পি এলৰ মজাভাগত ইংলেণ্ড ভ্ৰমণৰ বাবে দলৰ অধিনায়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি সূত্ৰটোৱে কয়। উল্লেখযোগ্য যে ভাৰতীয় দলে যোৱা বছৰ কৰা অষ্ট্ৰেলিয়া ভ্রমণত টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাজিত হৈছিল। 

অষ্ট্ৰেলিয়া ভ্রমণত ভাৰতীয় দলৰ হতাশাজনক প্ৰদৰ্শনৰ কাৰণে অধিনায়ক ৰোহিত শৰ্মা সমালোচনাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ নেতৃত্বক লৈ প্ৰশ্নৰো অৱতাৰণা হৈছিল। অৱশ্যে যোৱা ৯ মাৰ্চত ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলে চেম্পিয়ন ট্রফীত জয়লাভ কৰাৰ পাছত প্রেক্ষাপট সলনি হয়। উল্লেখযোগ্য যে ৰোহিতৰ নেতৃত্বত ভাৰতে ৯ মাহৰ ভিতৰত প্রথমে টি-২০ বিশ্বকাপৰ খিতাপ আৰু তাৰ পাছত চেম্পিয়ন্‌ছ ট্ৰফীৰ খিতাপ জয় কৰে। শেহতীয়াকৈ এখন ইংৰাজী বাতৰিকাকতে বি চি চি আইৰ বিষয়ববীয়াৰ উদ্ধৃতি প্রকাশ কৰে যে চেম্পিয়ন্‌ছ ট্রফীৰ খিতাপ জয় কৰাৰ পাছত ব'ৰ্ডে ৰোহিতৰ নেতৃত্বক সমর্থন জনাইছে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ'ব।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?