--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে চোৰে কেৱল ৰাতিৰ সময়তহে সক্ৰিয় হৈ থাকে আৰু অপৰাধ কৰিবলৈ সুযোগ পায়। অন্ধ্ৰ প্ৰদেশত ধৰা পৰিছে এনে এজন গভাইত চোৰ, যিয়ে ৰাতিৰ ঘোপমৰা আন্ধাৰত নহয় কেৱল দিনৰ পোহৰতহে অপৰাধ সংঘটিত কৰে। 

ৰাজ্যৰ শ্ৰী সত্য সাই জিলাৰ পেনুকোণ্ডা থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অনন্য চোৰক। জেৰাৰ সময়ত এই চোৰে প্ৰকাশ কৰে দিনৰ পোহৰত চুৰি কৰাৰ কাৰণ ৷ এই কাৰণ জানি আপুনিও হ’ব আচৰিত। জেৰাত চোৰে কয় যে তেওঁৰ চকুৰ সমস্যা আছে, গতিকে ৰাতি দেখা নাপায়।

পেনুকোণ্ডা আৰক্ষীৰ মতে এই চোৰটো কেৱল অন্ধ্ৰ প্ৰদেশৰ বাবেই নহয় তেলেংগানা আৰু কৰ্ণাটক আৰক্ষীৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিছিল। প্ৰায় তিনি ডজনৰো অধিক অপৰাধ এই তিনিখন ৰাজ্যত এতিয়ালৈকে সংঘটিত কৰিছে এই গভাইত চোৰে ৷ আৰক্ষীৰ জেৰাৰ সময়ত এই চোৰে সূৰ্যাস্তৰ পিছত দেখা নাপায় বুলি কয়। এনে অৱস্থাত তেওঁ দিনত ওলাই যায় আৰু সঠিক সময় বুজি চুৰি কাৰ্য সংঘটিত কৰে। আৰু লগতে দিনত চুৰি কৰিবলৈ বাধ্য হোৱা বুলিও তেওঁ কয়।

অভিযুক্তই কয় যে অপৰাধৰ বাবে তেওঁ সাধাৰণতে এনেবোৰ ঘৰ বাছি লয় যিবোৰ ঘৰত তলা লগোৱা থাকে আৰু পৰিয়ালৰ লোকসকল নাথাকে।কৰ্ণাটকৰ টুমকুৰুৰ বাসিন্দা এই চোৰ ছোহেইল খানক পেনুকোণ্ডাত এজন শিক্ষকৰ ঘৰত চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত অভিযুক্তই ৪৭ তোলা সোণৰ গহনা আৰু প্ৰায় এক লাখ টকাৰ নগদ ধন চুৰি কৰে। অৱশ্যে এই ঘটনাত তেওঁ চিচিটিভি কেমেৰাত বন্দী হয়। এই ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি তেওঁৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।

যেতিয়া আৰক্ষীয়ে অভিযুক্তৰ ঘৰত তালাচী চলায় তেতিয়া এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে, অভিযুক্তই  চুৰি হোৱা গহনা গলাই তাৰ পৰা সোণৰ বিস্কুট তৈয়াৰ কৰে। ইয়াৰ পিছত তেওঁ হায়দৰাবাদত বিক্ৰী কৰে। জেৰাৰ সময়ত অভিযুক্তই আৰক্ষীক জনোৱা মতে, তেওঁ ইউটিউবত সোণ গলাবলৈ শিকিছিল আৰু তাৰ পিছত ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অনলাইনযোগে কিনিছিল। আৰক্ষীয়ে অভিযুক্তৰ পৰা ৩৫০ গ্ৰাম সোণৰ বিস্কুট, ঘৰৰ তলা ভাঙিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু এটা সোণ গলোৱা মেচিন জব্দ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?