--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে অলপতে অগ্নি-৫ আন্তঃমহাদেশীয় বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগতে ভাৰতে হাইপাৰছনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি আছে। ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীক লৈ চীনে ভাবুকিৰ সন্মুখীন হোৱা বুলি অনুভৱ কৰিবলৈ লৈছে। ইয়াৰ পৰিণাম স্বৰূপে দেশখনে ভাৰতৰ ক্ষেপণাস্ত্র কার্যসূচীত সতর্ক দৃষ্টি ৰখাৰ কাৰণে চৌদিশে শক্তিশালী ৰাডাৰ প্ৰণালী স্থাপন কৰিবলৈ লৈছে। 

শেহতীয়াকৈ দেশখনে ম্যানমাৰ সীমান্তত এক বিশাল ৰাডাৰ প্ৰণালী স্থাপন কৰিছে। চীনৰ এই ৰাডাৰ প্ৰণালীয়ে ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ প্ৰতি উদ্বেগৰ সৃষ্টি কৰিছে। চীনে ইউনান প্রদেশৰ ম্যানমাৰ সীমান্তত লার্জ ফেজড এৰে ৰাডাৰ (এল পি এ আৰ) স্থাপন কৰিছে। 

অত্যাধুনিক এই ৰাডাৰ প্রণালীয়ে প্রায় ৫ হাজাৰ কিল'মিটাৰ দূৰলৈকে চকু ৰখাৰ ক্ষমতা আছে।
এই ৰাডাৰ প্ৰণালীৰ দ্বাৰা চীনে ভাৰত মহাসাগৰৰ বিশাল এলেকাৰ লগতে ভাৰতৰো বহু দূৰলৈকে সতর্ক দৃষ্টি ৰাখিব পাৰিব। চীনৰ ৰাডাৰ প্ৰণালীয়ে নতুন দিল্লীৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে, কিয়নো ইয়াৰ জৰিয়তে দেশখনে ভাৰতৰ বেলেষ্টিক ক্ষেপণাস্ত্র কাৰ্যসূচীৰ ওপৰত সতর্ক দৃষ্টি ৰাখিব পাৰিব। প্রায় ৫ হাজাৰ কিল'মিটাৰ দূৰত্বলৈকে চকু ৰখাৰ ক্ষমতা থকা এল পি এ ৰাডাৰৰ দ্বাৰা চীনে ভাৰতৰ বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ উৎক্ষেপণত চকু ৰাখিব পাৰিব। 

এই ক্ষেপণাস্ত্ৰক বিশেষভাৱে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ ওপৰত চকু ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই ৰাডাৰ প্ৰণালীৰ ক্ষেপণাস্ত্র সতর্কবাণী তথা মহাকাশত ক্ষেপণাস্ত্ৰ ধৰা পেলোৱাৰ ক্ষমতা আছে। ইয়াৰ আগতে চীনে কৰলা আৰু শ্বিনজিয়াঙত এনে ৰাডাৰ প্ৰণালী স্থাপন কৰে। ইয়াৰ জৰিয়তে উত্তৰ  ভাৰতত দেশখনে চকু ৰখাৰ ক্ষমতা লাভ কৰিছে। আন কথাত চীনে অত্যাধুনিক ক্ষেপণাস্ত্ৰ প্ৰণালীৰ জৰিয়তে সমগ্ৰ ভাৰতত চকু ৰখাৰ ক্ষমতা লাভৰ চেষ্টা কৰি আাছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?