--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে গোপন বৈঠকৰ পাছত এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ জৰ্দানৰ বাদশ্বাহ আব্দুল্লাৰ। জ’ বাইডেন ক্ষমতালৈ অহাৰ পাছত হোৱাইট হাউছত আমন্ত্ৰণ পোৱা ৫৯ বৰ্ষীয় আব্দুল্লা প্ৰথমগৰাকী আৰব নেতা। ইজৰাইলৰ সৈতে সম্পৰ্কোন্নয়নৰ বিষয়ে আজি হোৱাইট হাউছত বাইডেনৰ সৈতে আব্দুল্লাৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, যুক্তৰাষ্ট্ৰ সমৰ্থিত জৰ্দানৰ বাদশ্বাহগৰাকীয়ে বিগত ২১বছৰ ধৰি দেশৰ ৰাষ্ট্ৰীয় ক্ষমতাত অধিষ্ঠিত হৈ আছে।


আনহাতে, ১৯৯৪চনতে ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যুক্তৰাষ্ট্ৰই। কিন্তু ২০২০চনত ট্ৰাম্পৰ মধ্যস্ততাত বাহৰাইন, আমিৰাত, ছুদান আৰু মৰক্কোক ইজৰাইলৰ সৈতে স্বাভাৱিক সম্পৰ্ক গঢি় তোলাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হয়। ট্ৰাম্পৰ আগ্ৰাসী প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বাদশ্বাহ আব্দুল্লাহ-ই। শেহতীয়াকৈ, আল-আকছাত সাধাৰণ নাগৰিকৰ ওপৰত চলা অত্যাচাৰ, গাজাত নিৰপৰাধ ফিলিস্তাইনীৰ ওপৰত নিৰ্বিচাৰ বোমাতংকৰ ঘটনাৰ বাবে ইজৰাইলৰ সৈতে পূৰ্বৰ সম্পৰ্ক অৱনমিত হৈছে জৰ্ডানৰ। তেনে পৰিপ্ৰেক্ষিতত জৰ্দানৰ বাদশ্বাহেৰে ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী নাফটালী বেনেটৰ বৈঠকে দুয়োখন দেশৰে কূটনৈতিক শক্তি অধিক শক্তিশালী হোৱাৰ আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?