--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

তেহৰানঃ বিশ্বব্যাপী মাৰ্কিন ৰাষ্ট্ৰৰ আধিপত্যই নিদ্ৰা হৰণ কৰিছে চুবুৰীয়া দেশ ইৰানৰ। ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ জাভেদ জাৰিফে টেলিফোনযোগে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ওয়াং ই-ৰ সৈতে মত-বিনিময় কৰে। ইৰান আৰু চীনৰ সীমান্তৱৰ্তী উন্নয়নশীল দেশসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেহৰান আৰু বেইজিঙে যৌথভাৱে আগবাঢ়িব বুলিও তেওঁ সংবাদমাধ্যমৰ আগত সদৰী কৰিছে।


ইফালে ওয়াং ই-এ কয়, ‘ৰাষ্ট্ৰপতি হাছান ৰুহানিৰ চৰকাৰে বিগত ৮টা বছৰে চীনৰ সৈতে দ্বি-পাক্ষীক সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান ইৰানৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰায়ি‘ছিৰ নেতৃত্বাধীন চৰকাৰ তথা প্ৰশাসনৰ সৈতেও শক্তিশালী সম্পৰ্ক অটুত ৰাখিব চীনে।’ চীনৰ বৃহত্‍ স্বাৰ্থসংশ্লিষ্ট বিষয়বোৰত বেইজিঙক সমৰ্থন জনোৱাৰ বাবে ইৰানক ধন্যবাদ জ্ঞাপনৰ উপৰি ইৰানৰ জাতীয় স্বাৰ্থ আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত তেহৰানৰ পক্ষত থকাৰ অংগীকাৰ ওয়াং ই-ৰ।


কৰ’না মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ কৰ’না প্ৰতিষেধকৰ লগতে, আন প্ৰয়োজনীয় চিকিত্সাক সামগ্ৰী যোগানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে। চীনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত ইৰানে সদায় গুৰুত্ব দি আহিছে। ইৰানৰ পৰৱৰ্তী চৰকাৰে ক্ষমতাগ্ৰহণৰ পাছত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি সদৰী কৰে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?