--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : পুনৰ জামিন আৱেদন নাকচ হৈছে অশীতিপৰ সমাজকৰ্মী ষ্টেন স্বামীৰ। এলগাৰ পাৰিষদ-মাওবাদীৰে সম্পৰ্ক থকাৰ গোচৰত কাৰাবন্দী হৈ থকা ৮৩ বছৰীয়া আদিবাসী অধিকাৰ কৰ্মীগৰাকীয়ে জনোৱা জামিনৰ আৱেদন আজি পুনৰ নাকচ হয়। অতিৰিক্ত সত্ৰ ন্যায়াধীশ ডি ই কোথালিকাৰে তেওঁৰ জামিন আৱেদন নাকচ কৰে। ষ্টেন স্বামীয়ে স্বাস্থ্যজনিত আৰু অন্যান্য কাৰণত জামিন বিচাৰিছিল।

আৰু পঢ়িব পাৰিব : ‘জনতা কাৰ্ফিউ’ৰ বৰ্ষপূৰ্তি : থালি লৈ ওলাই আহিছিল কৰ’নাক খেদিবলৈ !

এগৰাকী খ্ৰীষ্টান ধৰ্মযাজক তথা সমাজকৰ্মী ষ্টেন স্বামীক ২০২০চনৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ই। তেতিয়াৰেপৰা তেওঁ নৱী মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাবন্দী হৈ আছে। তেওঁৰ অধিবক্তাই প্ৰকাশ কৰা মতে তেওঁৰ পাৰ্কিনছন ৰোগ আছে আৰু এতিয়া তেওঁ দুয়োখন কাণেৰে শুনাৰ শক্তি হেৰুৱাই পেলাইছে। আন ভালেমান ৰোগতো বয়োজ্যেষ্ঠ কাৰাবন্দীগৰাকী আক্ৰান্ত হৈ আছে।

আৰু পঢ়িব পাৰিব : “মহাভাৰততো মামা আছিল, অসমতো মামা আছে” – প্ৰিয়ংকাৰ কটাক্ষ !

নিয়াই তেওঁৰ জামিন আৱেদনৰ বিৰোধিতা কৰি কয় যে, ষ্টেন স্বামী ‘বিস্তাপন বিৰোধী জন বিকাশ আন্দোলন’ আৰু ‘পিপুলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টীজ’ৰ দৰে সংস্থাৰ ঘোৰ সমৰ্থক। এই সংগঠনবোৰ হৈছে মাওবাদী (চিপিআই-মাওবাদী)ৰ সন্মুখৰ চেহেৰা। ইফালে, তেওঁৰ অধিবক্তাই দাবী কৰিছে যে, ‘নিয়া’ই এলগাৰ-পাৰিষদ মাওবাদীৰে সম্পৰ্কৰ গোচৰক প্ৰমাণ কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?