--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

বিহালী : চৰকাৰৰ সম-উন্নয়নৰ শ্লোগানেৰে বিহালীত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ জয়গুণ গাই ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে নাড্ডাই৷

আৰু পঢ়িব পাৰিব : কাৰাগাৰতে থাকিব অশীতিপৰ ষ্টেন স্বামী, জামিন আৱেদন নাকচ

অসমলৈ অহা কংগ্ৰেছ নেতৃত্বই অসমৰ চাহ বাগিচাত প্ৰবেশ কৰি বাগিচাসমূহত বসবাস কৰা ভোটাৰক আকৰ্ষিত কৰিবলৈ চাহপাত বুটলি দেখুৱাই চমক সৃষ্টি কৰে বুলি নাড্ডাই সভাত মন্তব্য কৰে৷ লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক 'ভাৰতৰত্ন' বিজেপি চৰকাৰেহে প্ৰদান কৰা বুলি মন্তব্য কৰে বিজেপিৰ মুৰব্বীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ‘জনতা কাৰ্ফিউ’ৰ বৰ্ষপূৰ্তি : থালি লৈ ওলাই আহিছিল কৰ’নাক খেদিবলৈ !

কংগ্ৰেছৰ দিনত কোনো উন্নয়নৰ মুখ নেদেখা অসমৰ জনতাই বিজেপিৰ শাসনকালৰ পাঁচটা বছৰতে ব্যাপক উন্নয়ন হোৱা বুলি উল্লেখ কৰি দেশ উজলাই তুলিবলৈ ৰাইজ এতিয়া বিজেপিৰ লগত থিয় হোৱা বুলি তেওঁ দাবী কৰে৷ বিজেপি চৰকাৰৰ দিনত হত্যা-হিংসা ৰোধ হোৱা বুলি উল্লেখ কৰি বড়ো শান্তি চুক্তি, মহিলা সবলীকৰণ, সাত লাখ শৌচালয় নিৰ্মাণ, ১৮ হাজাৰ বিজুলী সংযোগ, একলাখ স্বাস্থ্য কাৰ্ড, ইঞ্জিনিয়াৰিং কলেজ, খিলঞ্জীয়াৰ বাবে সোণোৱাল চৰকাৰে ভূমি পট্টা প্ৰদান কৰা, কৃষি আঁচনি, বিহালীত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি গাংমৌ থানক পৰ্যটকৰ স্থলীলৈ ৰূপান্তৰ কৰাৰ দৰে উন্নয়নমূলক কামৰ খতিয়ানো নাড্ডাই দাঙি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?