--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ধেমাজি : প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ লক্ষ্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জোনাই বিধানসভা সমষ্টি। চিলাপথাৰত আজি উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি প্ৰাৰ্থী ভূবন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ শ্বাহে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত সভাত প্ৰচাৰ চলায়।

আৰু পঢ়িব পাৰিব : উন্নয়নৰ খতিয়ানেৰে বিহালীত জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

সভাত উপস্থিত হৈ শ্বাহে কয়, ‘আমি আপোনালোকৰ পৰা ৫ বছৰ বিচাৰিছিলোঁ৷ আৰু এই ৫বছৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনক উন্নয়নৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে। এইবাৰো অসমত বিজেপি চৰকাৰ গঠন কৰিবলৈ বিজেপি দলক ভোট দিবলৈ আহ্বান জনাইছোঁ।’ নিজৰ ভাষণত তেওঁ বিৰোধী মহাজোঁটক তীব্ৰ সমালোচনা কৰে।

আৰু পঢ়িব পাৰিব : কাৰাগাৰতে থাকিব অশীতিপৰ ষ্টেন স্বামী, জামিন আৱেদন নাকচ

মহাজোঁটক অংশীদাৰ এআইইউডিএফ নেতা আজমলক কালাপাহাৰ বুলি কটাক্ষ কৰে শ্বাহে। কংগ্ৰেছ দলে কালাপাহাৰক অসমৰ মুৰব্বী পাতি ৰাজ্যখনক ধ্বংস মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি তেওঁ অভিযোগ কৰে। শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?