--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ঘোষণা হ’ল ৬৭সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটা। অসমৰ চাৰিখনকৈ ছবিলৈ এইবাৰ দিয়া হ’ল স্বীকৃতি। ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণ নিৱেদিত আৰু এম এম টেলিভিছন প্ৰযোজনা কৰা মনপা ভাষাৰ ছবি ‘Water Burial’- এ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ছবিখন পৰিচালন তথা ইয়াৰ কাহিনী, চিত্ৰনাট্য ৰচনা কৰিছিল শান্তনু সেনে। সহ-প্ৰযোজনা আছিল ফাৰুক ইফটিকাৰৰ।

আৰু পঢ়িব পাৰিব : ‘‘কালাপাহাৰ’ৰ জৰিয়তে অসম ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে’

আনহাতে চন্দ্ৰ মুদৈ পৰিচালিত ‘ৰণুৱা’লৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ‘ৰজত কমল বঁটা’ আগবঢ়োৱা হ’ল। আনহাতে আন এখন অসমীয়া ছবি ‘জোনাকী পৰুৱা’লৈ জুৰীৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ মিচিং ছবি ‘অনুৰোৱাদ’লৈয়ো ৰজত কমল সন্মান আগবঢ়োৱা হৈছে।

ইফালে এইবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে কংগনা ৰাণাৱটে। ‘মণিকৰ্নিকা’ ছবিত অভিনয়ৰ বাবে এই বঁটা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ‘চিচোৰে’লৈ শ্ৰেষ্ঠ হিন্দী ছবিৰ স্বীকৃতি প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : উন্নয়নৰ খতিয়ানেৰে বিহালীত জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰখ্যাত অভিনেতা মনোজ বাজপেয়ী আৰু তামিল অভিনেতা ধনুষলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ খাচী ছবি ‘লেউডোহ’লৈ আগবঢ়োৱা হৈছে ৰজত কমল বঁটা। এইবাৰ ছিকিমলৈ ‘ফিল্ম ফ্ৰেণ্ডলী’ ৰাজ্যৰ স্বীকৃতিও প্ৰদান কৰা হয়। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ স্বীকৃতি লাভ কৰিছে ‘মাৰাকাৰ- LION OF THE ARABIAN SEA’ নামৰ মালায়ালম ছবিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?