--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পত্নী,কন্যাসহ দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত সোমবাৰে সন্ধিয়া উপস্থিত হয় ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।

বিহুৰে শচীন আৰু তেওৰ পৰিয়ালক আদৰণি জনায় বৰগছ ৰিজৰ্ট কৰ্তৃপক্ষই।আদৰণি জনোৱাৰ সময়ত উপস্থিত থাকে বোকাখাত সমজিলা প্ৰশাসন আৰু বন বিভাগ। শচীনক চাবলৈ হেতা ওপৰা লগায় অনুৰাগীয়ে।নিশা শচীন আৰু পৰিয়ালৰ বাবে বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৰিজৰ্টখনত।লগতে শচীন আৰু পৰিয়ালৰ বাবে বিগ স্ক্ৰীনত আইপিএল প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে ৰিজৰ্টখনে।
News18 Assam

নিশাৰ আহাৰত শচীন আৰু পৰিয়ালৰ বাবে ৰখা হয় কন্টিনেন্টেল আহাৰ। পীজা,পাচতা,ফ্ৰেনচ ফ্ৰাইচ,ব্লেক ৰাইচ খীৰ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে। বৰগছ ৰিজৰ্টৰ চ্যেফ হীৰকজ্যোতি বৰুৱাই জনোৱা মতে খাদ্য খাই যথেষ্ট আপ্লুত হয় শচীন।ইপিনে পুৱা অসমীয়া জলপানত লাড়ু,পিঠা,দৈ গ্ৰহণ কৰে শচীন আৰু পৰিয়ালে।তাৰ পিছতে বাগৰি বনাঞ্চল দৰ্শন কৰে শচীন আৰু পৰিয়ালে।বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত বাঘৰ দৰ্শন লাভ কৰে শচীনে।

বনাঞ্চল দৰ্শনৰ সময়ত হাতী,ম'হো দৰ্শন কৰে শচীন আৰু পৰিয়ালে।কাজিৰঙাৰ DFO অৰুণ ভিগ্নেশে সংগ দিয়ে শচীনক।শচীনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনদুৰ্গা বাহিনীৰ সৈতেও ফটো উঠে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হোৱা বুলি মন্তব্য কৰে শচীনে।

News18 Assam
বাঘ আৰু ওচৰৰ পৰা চাব বিচাৰো বুলি কয় কিংবদন্তীগৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শনৰ সময়ত লক্ষ্যধৰ কুমাৰ ,যতীন দাস নামৰ যুৱকদুজনে গামোচা পিন্ধায় শচীনক। শচীনক লগ পাবৰ বাবে নিশাই কাজিৰঙাত উপস্থিত হৈছিল যুৱকদুজন।কেৱল তেওলোকেই নহয় বহু অনুৰাগীয়ে ভিৰ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত‌।

আনহাতে বাগৰি বনাঞ্চলত ৱিহান বৈভৱ নামৰ এটি কিশোৰক হাত মিলাই শচীনে‌‌‌।মহাৰাষ্ট্ৰৰ পৰা পিতৃ মাতৃৰ সৈতে কাজিৰঙা দৰ্শনৰ বাাবে আহিছিল কিশোৰজন।শচীনক লগ পাই আনন্দত আত্মহাৰা বৈভৱ।আনহাতে দুুুপৰীয়া কহঁৰা বনাঞ্চল দৰ্শন কৰি দুপৰীয়াৰ আহাৰ আয়'ৰা ৰিজৰ্টত গ্ৰহণ কৰিব শচীনে।নিশালৈ পৰম্পৰাগত থলুৱা আহাৰৰ ব্যৱস্থা কৰিছে বৰগছ ৰিজৰ্টে।নিশা বৰগছ ৰিজৰ্টত কটাই কাইলৈ পুৱা উভতি যাব শচীন আৰু পৰিয়াল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?