--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ এজন ব্যতিক্ৰমী ছাত্ৰ। যুৱ উশৃংখলতাৰ বিপৰীতে ছাত্ৰজন কিছু পৃথক।

ছাত্ৰজন কিয় ইমান বিশেষ তাৰো আছে এক কাৰণ।

বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ ষষ্ঠ ষান্মসিকৰ ছাত্ৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়া। গৌৰৱৰ কৰ্মই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে মহাবিদ্যালয়খনৰ বাবে।

গৌৰৱৰ পিতৃগৃহ তিনিচুকীয়াৰ জাগুনত। কিন্তু অধ্যয়নৰ বাবে শিৱসাগৰৰ বাঢ়ৈটিঙত বৰদেউতাকৰ ঘৰত থাকি নিজৰ পঢ়া শুনা কৰি আছে।

গৌৰৱ ৰঞ্জন হাতীমূৰীয়াই নিজৰ শিক্ষা জীৱন আগবঢ়াই নিয়াৰ লগতে আন বহুজন ছাত্ৰৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ।

গৌৰৱ এখন ই-ৰিক্সাৰ চালক। নিজ ভিনিহিয়েকে বাইক ক্ৰয় কৰিবলৈ দিয়া পইচাৰে বাইক ক্ৰয় নকৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

বাইকৰ ডিলাৰলৈ ঢাপলি মেলাৰ বিপৰীতে গৌৰৱে কিছু পৃথক চিন্তা কৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

গৌৰৱৰ পৃথক চিন্তাৰ বাবে এতিয়া সকলোৰে পৰা বুটলিবলৈ সক্ষম হৈছে সাধুবাদ। এতিয়া নিজৰ অধ্যনয়ৰ লগে লগে ই-ৰিক্সাখনৰে ভাড়া মাৰি দৈনিক ৭০০ টকাৰ পৰা ৮০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱে।

আনহাতে প্ৰত্যেক দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ই-ৰিক্সা চলাই আৰু ৯ বজাৰ পৰা নিজ মহাবিদ্যালয়ত আহি শিক্ষাগ্ৰহণ কৰে।

এতিয়া গৌৰৱৰ ই-ৰিক্সাৰ দৈনিক পেচেঞ্জাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীও। ছাত্ৰীসকলৰ মন্তব্য-গৌৰৱৰ লগত আহি সহপাঠীসকলে সুৰক্ষিত অনুভৱ কৰে।

কম বয়সত কিছু পৃথক চিন্তাৰে গৌৰৱে নিজৰ লগতে আন বহুজনলৈ দেখুৱাইছে স্বাৱলম্বী হোৱাৰ এটা নতুন বাট।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?