--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী আৰু ছণ্ডীগড়ৰ বিজেপি সাংসদ তথা অভিনেতা অনুপম খেৰৰ পত্নী কিৰণ খেৰে যোৱা ছয় মাহ ধৰি তেজৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি আছে। কেম’থেৰাপীৰ ফলত তেওঁৰ শৰীৰ যথেষ্ট দুৰ্বল হৈ পৰিছিল। কিন্তু লাহে লাহে সুস্থতাৰ দিশে আগবাঢ়িছে কিৰণ খেৰ। যোৱা বছৰ নৱেম্বৰত অভিনেত্ৰীগৰাকী এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিল । মুম্বাইৰ কোকিলাবেন হাস্পতালত তেওঁৰ চিকিৎসা আৰম্ভ হয়। কিৰণ খেৰৰ মনোবল ইমানেই অটুট আছে যে তেওঁ পুনৰ ইণ্ডিয়াজ গট টেলেণ্টলৈ বিচাৰকৰ ৰূপত উভতি আহিছে।

চিকিৎসাধীন হৈ থকা ৬৯ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে শিল্পা চেট্টী, ৰেপাৰ বাদশ্বাহ আৰু মনোজ মুন্তাশিৰৰ সৈতে বিচাৰকৰ পেনেলত যোগদান কৰে। ইণ্ডিয়াজ গট টেলেণ্ট হৈছে সৰু পৰ্দাত আটাইতকৈ জনপ্ৰিয় আৰু দীৰ্ঘম্যাদী চলি থকা ৰিয়েলিটি শ্ব'বোৰৰ ভিতৰত অন্যতম। এইটো অনুষ্ঠান 'America's Got Talent'ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।যোৱা মাহত স্বামী অনুপম খেৰে কৈছিল যে কিৰণ এতিয়া ভাল আৰু সোনকালেই সুস্থ হ'ব। তেওঁ মাইলোমা নামৰ তেজৰ কৰ্কট ৰোগত এতিয়াও আক্ৰান্ত হৈ আছে।

আৰু পঢ়কঃ কোনো সাধুকথা নহয়;৩০ বছৰৰ মূৰত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

কিৰণক বুধবাৰে পুত্ৰ ছিকন্দৰ খেৰৰ ইনষ্টাগ্ৰাম লাইভ চেছনৰ এটা ভিডিঅ'ত দেখা গৈছিল। অনুৰাগীসকলে ছিকন্দৰ খেৰৰ ইনষ্টাগ্ৰাম লাইভ চেছনৰ সময়ত কিৰণক চাবলৈ উৎসাহী হৈ পৰে। ভিডিঅ'টোত তেওঁক এখন পালেঙত বহি থকা দেখা গৈছে। কিৰণ খেৰে বাওঁ হাতত বেণ্ডেজ পিন্ধি আছিল। যদিও তেওঁক দেখাত আগতকৈ ক্ষীণ আৰু দুৰ্বল দেখা গৈছিল তথাপিও কিন্তু তেওঁৰ মুখত লাগি আছিল উজ্জল হাঁহিটো। অনুৰাগী আৰু শুভাকাংক্ষীসকলে কিৰণৰ মুখত হাঁহি দেখা পাই সকাহ পাইছে। কিৰণ খেৰেও অনুৰাগীসকলক তেওঁলোকৰ শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?