--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ বেছিভাগ ৰাজ্যই ১ নৱেম্বৰৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা অলপ শিথিল কৰিছে। কিন্তু কিছুমান ৰাজ্য এতিয়াও ক'ভিড সংক্ৰমণৰ প্ৰতি সতৰ্ক হৈ আছে। সেই ৰাজ্যসমূহত কিছুমান প্ৰতিবন্ধকতা এতিয়াও আছে। ইয়াৰ ফলত বাকী ৰাজ্যসমূহৰ তুলনাত সেই ৰাজ্যসমূহ ভ্ৰমণ কৰাত সমস্যা হ'ব পাৰে। সেয়েহে এই শীতকাল ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰাৰ আগতে, ৰাজ্যসমূহত লাঘৱ হোৱা ক'ভিড নীতিৰ বিষয়ে আপুনি জানি লোৱাটো প্ৰয়োজন৷

কৰ্ণাটকঃ মহাৰাষ্ট্ৰত বৰ্ধিত ক'ভিড সংক্ৰমণৰ বাবে কৰ্ণাটক চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ সীমান্ত অঞ্চলসমূহত নতুন নিষেধাজ্ঞা ঘোষণা কৰিছে। ঘোষণাটোত কোৱা হৈছিল যে, চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অহা লোকসকলক বিশেষ নিৰীক্ষণৰ অধীনত ৰখা হ'ব, বিশেষকৈ যেতিয়া মুম্বাইৰ যিকোনো লোকে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আহে তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ দিব। আপুনি যদি মায়ানগৰী মুম্বাই হৈ আন ৰাজ্যলৈ ভ্ৰমণ কৰিবলৈ খুজিছে তেনেহ'লে সাৱধানতা অৱলম্ভন কৰাটো বাঞ্চনীয়৷


কৰ্ণাটক


অসমঃ যিসকলে দুয়োটা কৰ'না ভেকছিন সম্পূৰ্ণ কৰিছে৷ তেনহ'লে আপুনি অসমলৈ অহাত কোনো বাধা নাপায়। ৰাজ্যখনে নৱেম্বৰৰ পৰা ক'ভিডৰ সীমাবদ্ধতা শিথিল কৰিছে।

অসম

পশ্চিম বংগঃ পশ্চিম বংগলৈ অহা সকলো বিমান যাত্ৰীৰ কৰ'না টিকা প্ৰমাণপত্ৰ থাকিব লাগিব। ৭২ ঘণ্টাৰ ভিতৰত কৰা কৰ'না টেষ্টৰ ৰিপ'ৰ্ট থকাটো বাঞ্চনীয়। উল্লেখ্য যে, পশ্চিম বংগ চৰকাৰে ৰাজ্যখনলৈ সপ্তাহত তিনিদিনকৈ পুনে, নাগপুৰ আৰু আহমেদাবাদৰ বিমান নিষিদ্ধ কৰিছে৷

পশ্চিম বংগ

উত্তৰাখণ্ড: উত্তৰাখণ্ড চৰকাৰে ২০ নৱেম্বৰৰ পৰা কৰ'নাভাইৰাছৰ নিষেধাজ্ঞা উঠাই লৈছে। যিকোনো জিলাত প্ৰৱেশ কৰাৰ আগতে পৰ্যটকসকলে ৱেব পৰ্টেল স্মাৰ্ট চিটিত নাম ভৰ্তি কৰিব লাগিব। ইয়াৰ উপৰিও, ভ্ৰমণ কৰিবলৈ অহা লোকজনৰ কৰ'নাৰ টেষ্টৰ ফলাফল নিগেটিভ হোৱাটো প্ৰয়োজনীয়৷

উত্তৰাখণ্ড

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এতিয়াও কৰ'নাৰ নিষেধাজ্ঞা আছে। পৰ্যটকসকলৰ বাবে কৰ'নাৰ দুটা টিকা প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?