--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিশুৰ পৰা আলৰ বৃদ্ধলৈকে সকলোৰে খাদ্যৰ তালিকাত থকে গাখীৰ। গাখীৰত উপস্থিত থকা অসংখ্য পুষ্টিকৰ উপাদানৰ বাবে  সকলোৰে ঘৰত গাখীৰ খোৱাটো এক অতি গুৰুত্বপূৰ্ণ নিয়মৰ দৰে। গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কাৰণ ইয়াত বহুতো পুষ্টিকৰ উপাদান যেনে কেলচিয়াম, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ দৰে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে সেয়ে গাখীৰ খালে শৰীৰ আৰু মন দুয়োটা অধিক সক্ৰিয় হৈ থাকে। 

বহুসংখ্যক মাতৃয়ে সন্তানক ৰাতিপুৱা গাখীৰ আৰু বিস্কুট খুৱাই স্কুললৈ পঠিয়াই আৰু প্ৰায় ঘৰতে গাখীৰ পুৱাপৰ আহাৰৰ এটা অংশ। আৰু যদি শিশুৱে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয়, তেন্তে এগিলাচ গাখীৰ খুৱাই। কথিত আছে যে ‘খালীপেটত জল ভৰপেটত ফল’ অৰ্থাত খালি পেটত ফল গ্ৰহণ কৰা নহয়৷সকলো খাদ্যৰে খোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে৷ গাখীৰ  কেতিয়া গ্ৰহণ কৰিব? খালীপেটত গ্ৰহণ কৰিলে কিবা সমস্যা হ’ব পাৰে নেকি? 

ৰাতিপুৱা গাখীৰ খালে হজম শক্তি ভাল হোৱাৰ লগতে, ৰাতিপুৱা গাখীৰ সেৱন কৰিলেও দুৰ্বল হাড়লৈ প্ৰাণৰ সঞ্চাৰ হয়। পেশীবোৰো শক্তিশালী হৈ উঠে। সেয়ে ৰাতিপুৱা গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু বহু লোকৰ লেক্ট’জৰ সমস্যা থাকে। সেয়ে খালী পেটত গাখীৰ খালে পেটৰ বিষ আৰু এচিডিটি হ’ব পাৰে। খালী পেটত গাখীৰ খোৱাৰ অভ্যাস থকা লোকসকলে গৰম গাখীৰতকৈ ঠাণ্ডা গাখীৰ খাব লাগে যাতে পেটত এচিডিটিৰ সৃষ্টি নহয় আৰু পেটৰ বিষ, ডায়েৰিয়া আৰু গেছৰ সমস্যা পৰা বাছি থাকিব পাৰিব।

এক গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে ৰাতিপুৱা খালীপেটত গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ যদি আপুনি পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত গাখীৰ খায় তেন্তে স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে। সেয়ে খালী পেটত গাখীৰ খোৱাৰ পৰিৱৰ্তে বৰঞ্চ কিবা এটা খোৱাৰ পাছতহে গাখীৰ খাব লাগে। আৰু কম চৰ্বিযুক্ত বা স্কিমড গাখীৰ স্বাস্থ্যৰ বাবে উপকাৰী। যদি আপুনি ওজন কমাব বিচাৰে বা হৃদৰোগ আছে, তেন্তে খালী পেটত গাখীৰ গ্ৰহণ কৰাত কৈ ৰাতি শোৱাৰ আগতে গাখীৰ খোৱা উচিত। ৰাতি গাখীৰ খোৱাটোৱে ভাল টোপনি অহাত সহায় কৰে আৰু গৰম গাখীৰৰ লগত হালধী মিহলাই খালে স্বাস্থ্যৰ বাবে উপকাৰী। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?