ডিজিটেল ডেস্কঃ এগৰাকী মহিলাই কাণৰ বিষত থাকিব নোৱাৰা হ’ল। কাণৰ ভিতৰত অস্বাভাৱিক শব্দও হৈ থাকে। সঘনাই অস্বস্তি পাই থকাত মহিলাগৰাকীয়ে অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰ এটা আনে।
অত্যাধুনিক কাণ চাফা কৰা যন্ত্ৰটোত ধৰা পৰিল যে মহিলাগৰাকীৰ কাণৰ ভিতৰত মকৰা এটা সোমাই আছে! আচৰিত ধৰণৰ নোহোৱা-নোপোজা ঘটনা দেখি মহিলাগৰাকী আতংকিত হৈ উঠিল।
মহিলাগৰাকীৰ নাম লুইচি ৱাইল্ড। ঘৰ ইংলেণ্ডত। স্থানীয় বিদ্যালয় এখনত শিক্ষকতা কৰে লুইচি ৱাইল্ডে। তেওঁ এটা সন্তানৰ মাতৃ। লুচিৰ কাণখন মাজে-মাজে বিষাই থাকে, তেওঁ কথাটোত ইমান গুৰুত্ব দিয়া নাছিল। ভাবিছিল কাণত হয়তো মল জমা হ’ব পাৰে।
কিন্তু তেওঁৰ কাণৰ বিষ ক্ৰমান্বয়ে বাঢ়ি আহিছিল। অৱশেষত তেওঁ অত্যাধুনিক যন্ত্ৰৰ সহায়ত কাণ দুখন চাফা কৰাৰ সিদ্ধান্ত ল’লে। সেই যন্ত্ৰটোৰ লগত এটা কেমেৰা সংলগ্ন কৰা আছিল। কেমেৰাত ধৰা পৰিল মলি নহয়, কাণৰ ভিতৰত মকৰা সোমাই আছে!
তেওঁ ইমানেই ভয় খালে যে কাণত গৰম পানী ঢালি দিলে। মকৰাটো ওলাই আহিল। ডাক্তৰৰ পৰামৰ্শ অনুসৰি তেওঁ দৰৱ খায়।
এইবাৰ আৰম্ভ হ’ল কাণৰ বিষ। লুইচিয়ে আকৌ কাণ পৰিষ্কাৰ কৰা যন্ত্ৰটো ব্যৱহাৰ কৰিলে। দেখা যায় যে কাণত ক’লা ক’লা কিবা এটা আছে। এইবাৰ তেওঁ চিকিৎসালয়লৈ যায়। পৰীক্ষাত দেখা যায় যে ক’লা বস্তুটো এটা মকৰা বাহ! চিকিৎসকে সেয়া আঁতৰাই চফা কৰি দিয়ে।
এই ঘটনাই সকলোকে অবাক কৰি তুলিছে।