--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক লাখ, দুই লাখ টকা নহয় ১৫ লাখ টকাৰ শুকান ডালে জলকীয়া ৰপ্তানি কৰা হ’ল। গুৱাহাটীস্থিত KADlien Innovations & Export Centre নামৰ কোম্পানীটোৱে ১৫ লাখ টকাৰ শুকান ডালে জলকীয়া ছিংগাপুৰলৈ সফলতাৰে ৰপ্তানি কৰিছে। জলকীয়া ৰপ্তানি প্ৰকল্পৰ নেতৃত্বত আছিল এগ্ৰো য়াৰ্ডৰ ধীৰাজ কুমাৰ শৰ্মা নামৰ এগৰাকী স্থানীয় উদ্যোগী৷ এই প্ৰকল্পটো কলকাতা এয়াৰ কাৰ্গো বন্দৰৰ পৰা ছিংগাপুৰলৈ দুটা পৰ্যায়ত সম্পূৰ্ণ হৈছিল। 

প্ৰাৰম্ভিক পৰিকল্পনা আছিল গুৱাহাটী বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ ছিংগাপুৰলৈ ৰপ্তানি কৰা, কিন্তু আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীৰ বাবে গুৱাহাটী বিমানবন্দৰৰ অকাৰ্যকৰীতাৰ বাবে এই চালান কলকাতালৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল। দিল্লী, কুৱালালামপুৰ হৈ শেষত ছিংগাপুৰ পায়গৈ। 

কেইমাহমান আগতে কেডলিনে এপেডা আৰু এফআইইঅ’ৰ (APEDA and FIEO) সহযোগত গুৱাহাটীৰ পৰা প্ৰথমটো প্ৰত্যক্ষ ৰপ্তানিৰ কাম আৰম্ভ কৰিছিল। উত্তৰ-পূব ভাৰতৰ ফল-মূলৰ এয়া প্ৰত্যক্ষ চালান আছিল। এয়া অসমৰ গুৱাহাটী বিমানবন্দৰৰ পৰা প্ৰত্যক্ষ ৰপ্তানিৰ এক ঐতিহাসিক মুহূৰ্ত আছিল। কিন্তু বৰ্তমান বিমানবন্দৰৰ অকাৰ্য্যকৰীতাই উত্তৰ-পূব ভাৰতৰ স্থানীয় ৰপ্তানিকাৰকসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি কৰিছে, তেওঁলোকে বিশ্বৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

উল্লেখ্য যে ডালে জলকীয়া হৈছে প্ৰধানকৈ নেপাল আৰু ভাৰতত (বিশেষকৈ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং) খেতি কৰা জলকীয়াৰ এক প্ৰকাৰ। ইয়াৰ জ্বলা গুণ ১ লাখৰ পৰা ৩ লাখ ৫০ হাজাৰ এছ এইচ ইউ (স্কোভিল হিট ইউনিট)ৰ ভিতৰত থাকে।

ছিকিমে জলকীয়াৰ বাবে জিঅ’গ্ৰাফিক ইণ্ডিকেচন (জি আই) টেগ লাভ কৰিছিল, যিয়ে ইয়াৰ অনন্য গুণগত মান আৰু উৎপত্তিৰ সূচনা কৰে। উত্তৰ-পূব ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ প্ৰচাৰ আৰু কৃষক আৰু ৰপ্তানিকাৰকসকলক সহায় আৰু পথ প্ৰদৰ্শনৰ লক্ষ্যৰে কাম কৰি আছে গুৱাহাটীৰ KADlien Innovations and Export Centre-এ। 

কেডলিনৰ প্ৰতিষ্ঠাপক ড০ অচিন্ত্য কুমাৰ দাসে কয় যে ''আমি জনসাধাৰণক আমাৰ প্লেটফৰ্মত যোগদান কৰিবলৈ আৰু আমাৰ ৰপ্তানি সেৱাৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনাইছো। আমি উত্তৰ পূৰ্বাঞ্চলক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰো আৰু আমাৰ অঞ্চলৰ চহকী বৈচিত্ৰ্য আৰু সম্ভাৱনা বিশ্বৰ আগত প্ৰদৰ্শন কৰিব বিচাৰো।  ইয়াৰ লগতে গুৱাহাটী আৰু কলকাতাৰ Spice Board ক অশেষ ধন্যবাদ জনাইছো জটিল সময়ত আমাক ইমান সহায় কৰা বাবে। ৰাইজৰ দিহা-পৰামৰ্শ আৰু সহায় আমাৰ একান্তই কাম্য।''

website www.kadlien.in 
ফোন নম্বৰঃ 91 87539 33408

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?