--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বৰ্তমান ব্যস্ত ভাৰতীয় ক্ৰিকেট দল, য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এটাকৈ সমতা আছে। এই শৃংখলাৰ অন্তিমখন খেল ৩ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব। ইফালে অহা বছৰৰ জুন মাহত ভাৰতীয় দলে ইংলেণ্ড ভ্ৰমণ কৰিব, য’ত দুয়োটা দলৰ মাজত পাঁচখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। 

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ ঠিক পিছতেই আৰম্ভ হ’ব এই শৃংখলা। এতিয়া এনে খবৰ চৰ্চালৈ আহিছে যে যিকোনো ব্যক্তিয়েই দেখিলেই স্তম্ভিত হৈ পৰিব। আচলতে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ দ্বিতীয়খন মেচ বাৰ্মিংহামত অনুষ্ঠিত হ’ব, যাৰ বাবে প্ৰথম ৪ দিনৰ সকলো টিকট বিক্ৰী হৈছে।

ভাৰত বনাম ইংলেণ্ড বাৰ্মিংহামৰ টেষ্ট মেচ ২০২৫ চনৰ ২ জুলাইৰ পৰা আৰম্ভ হ’ব, যিখন খেলৰ বাবে এতিয়াও প্ৰায় ২০৩ দিন বাকী আছে। প্ৰায় ৭ মাহ পূৰ্বে বিক্ৰী হৈ থকা খেলপথাৰখন ইংলেণ্ড আৰু ভাৰতত ক্ৰিকেটৰ উন্মাদনা যে সুকীয়া তাৰেই প্ৰমাণ। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই শৃংখলাটোক পাটাউডি ট্ৰফী বুলি অভিহিত কৰা হৈছে, যাৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা লিডছত অনুষ্ঠিত হ’ব। বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ প্ৰথম চাৰিদিনৰ সকলো টিকট বিক্ৰী হৈছে। এতিয়া যদি আন কোনোবাই দ্বিতীয় টেষ্ট উপভোগ কৰিব বিচাৰে তেন্তে পঞ্চম দিনৰ বাবেহে টিকট ক্ৰয় কৰিব পাৰিব।

খোদ এডগবাষ্টন ষ্টেডিয়ামৰ টুইটাৰ হেণ্ডেলে এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে যে প্ৰথম চাৰিদিনৰ সকলো টিকট বিক্ৰী হৈছে। আৰু ইয়াৰ টিকটৰ মূল্য ২৭০০ টকাৰ পৰা ৩২ হাজাৰ টকালৈ । আনহাতে ১৬ বছৰৰ তলৰ শিশুৰ বাবে টিকটৰ মূল্য ১০ পাউণ্ড অৰ্থাৎ প্ৰায় ১০৮০ টকা ৰখা হৈছে।এইবাৰ প্ৰথমবাৰৰ বাবে মেচৰ প্ৰথম চাৰিদিনৰ টিকট আগতীয়াকৈ বিক্ৰী হৈছে। তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল যে ইয়াৰ টিকট প্ৰায় ৭ মাহ পূৰ্বেই বিক্ৰী হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?