--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহে বেছিভাগ বস্তু অনলাইনত অৰ্ডাৰ দিয়ে। কিন্তু এতিয়া অনলাইন শ্ব’পিঙৰ গ্ৰাহকে অসুবিধাৰ সন্মুখীন হ’ব ৷ আচলতে বহু সময়ত মানুহে ভাল নাপালে অৰ্ডাৰ বাতিল কৰি দিছিল। কিন্তু অতি সোনকালে এই বৈশিষ্ট্যটো অলপ ব্যয়বহুল হ’ব পাৰে, বিশেষকৈ ফ্লিপকাৰ্টৰ দৰে ডাঙৰ প্লেটফৰ্মত। তথ্য অনুসৰি শীঘ্ৰে অৰ্ডাৰ বাতিল হ’লেও মানুহে মূল্য দিবলগীয়া হ’ব পাৰে।

সংবাদ মাধ্যমৰ অনুসৰি ভাৰতৰ আগশাৰীৰ ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টে এতিয়া অৰ্ডাৰ বাতিল কৰিলে মাচুল লোৱাৰ পৰিকল্পনা কৰিছে। বৰ্তমান গ্ৰাহকে কোনো অতিৰিক্ত চাৰ্জ নোলোৱাকৈ অৰ্ডাৰ বাতিল কৰিব পাৰে। কিন্তু ভৱিষ্যতে যদি আপুনি অৰ্ডাৰ বাতিল কৰে তেন্তে আপুনি হয়তো এটা নিৰ্দিষ্ট মাচুল দিব লাগিব। এই মাচুল আপোনাৰ অৰ্ডাৰৰ মূল্য আৰু বাতিলৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰিব।

ফ্লিপকাৰ্টৰ আভ্যন্তৰীণ সূত্ৰৰ মতে, এই পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিক্ৰেতা আৰু ডেলিভাৰী অংশীদাৰসকলৰ লোকচান ৰাহি কৰিবলৈ, যিসকলৰ অৰ্ডাৰ বাতিল হ’লে তেওঁলোকৰ সময় আৰু ধন অপচয় হয়। অৱশ্যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অৰ্ডাৰ বাতিল কৰিলে এই মাচুল লোৱা নহ’ব।

এই নীতি ফ্লিপকাৰ্টে এতিয়াও আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা নাই যদিও বিক্ৰেতাৰ স্বাৰ্থত আৰু জালিয়াতি ৰোধৰ উদ্দেশ্যে এই পৰিৱৰ্তন কৰিব পাৰি। ইয়াৰ লগতে এই নিয়ম ফ্লিপকাৰ্টৰ অন্যান্য প্লেটফৰ্ম যেনে Myntra তো প্ৰযোজ্য হ’ব পাৰে।

যদি আপুনি নিয়মিতভাৱে অনলাইন বজাৰ কৰে তেন্তে এই সম্ভাৱ্য পৰিৱৰ্তনসমূহৰ বিষয়ে আপুনি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। কোনো ধৰণৰ অপ্ৰয়োজনীয় মাচুলৰ পৰা হাত সাৰিবলৈ অৰ্ডাৰ বাতিল কৰাৰ আগতে নতুন চৰ্তসমূহ ভালদৰে পঢ়ক। ফ্লিপকাৰ্টৰ এই পদক্ষেপ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজত ভাৰসাম্য সৃষ্টিৰ প্ৰয়াস, কিন্তু ই আপোনাৰ বজাৰ কৰাৰ অভ্যাসতো প্ৰভাৱ পেলাব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?