--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক শৰ্মা হৈ পৰিছে সমগ্ৰ ক্রিকেটপ্রেমীৰ নয়নৰমণি । ইংলেণ্ডৰ বিৰুদ্ধে ৱানখেদে ষ্টেডিয়ামত খেলা পঞ্চমখন টি-২০ মেচত তেওঁ বহু ডাঙৰ অভিলেখ ভংগ কৰিছে। ১৩৫ ৰানৰ ধুমুহাময় ইনিংছেৰে তেওঁ সকলোৰে হৃদয় জয় কৰিছিল। 

এতিয়া অভিষেক শৰ্মাই ভাৰতীয় দলৰ তাৰকা বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰিলেও এটা সময় আছিল যেতিয়া তেওঁ জেললৈ যোৱাৰ পৰা সংকীৰ্ণভাৱে সাৰিছিল। আচলতে যোৱা বছৰ এগৰাকী মডেলে আত্মহত্যা কৰিছিল, যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তেতিয়া তেওঁলোকে গম পাইছিল যে মডেলগৰাকী অভিষেক শৰ্মাৰ বান্ধবী।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তনয়া সিং নামৰ মডেল এগৰাকীয়ে আত্মহত্যা কৰিছিল। চুৰাটৰ ঘৰত মৃতদেহ উদ্ধাৰ হৈছিল তনয়াৰ। তদন্তৰ কিছুদিন পিছত পোহৰলৈ আহিল যে ভাৰতীয় ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ সৈতে তনয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। তনয়াই অভিষেকলৈ হোৱাটছএপত কিছু মেছেজ পঠিয়াইছিল কিন্তু ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ কোনো সঁহাৰি নাপালে আৰক্ষীয়ে।

বিগত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে আত্মহত্যাৰ গোচৰৰ সোধা-পোছাৰ বাবে অভিষেক শৰ্মালৈ আৰক্ষীয়ে চমন প্ৰেৰণ কৰিছিল। জানিব পৰা মতে অভিষেকৰ জেৰা প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল। অভিষেকক কি কি প্ৰশ্ন কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাছিল। বাৰু, অভিষেকে এই ক্ষেত্ৰত ক্লীন চিট পাইছিল আৰু আই পি এল ২০২৪ত এছআৰএইচৰ হৈ খেলিবলৈ আৰম্ভ কৰে ।

বৰ্তমান ভাৰতৰ টি-২০ দলৰ বাবে এজন শক্তিশালী অ’পেনিং বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰিছে অভিষেক শৰ্মাই। এতিয়ালৈকে তেওঁৰ বেটিঙত ধাৰাবাহিকতাৰ অভাৱ ৰেকৰ্ড কৰা হৈছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৫৫.৮০ গড়ৰে ৫টা টি-২০ ইনিংছত ২৭৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু এটা অৰ্ধশতকো অৰ্জন কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?