--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয়-আমেৰিকান গায়িকা তথা এন্ট্রেপ্রিনিয়ৰ চন্দ্ৰিকা টেণ্ডনে 'বেষ্ট নিউ এ'জ, এম্বিয়েন্ট অৰ চান্ট এলবাম' শাখাত তেওঁৰ 'ত্রিৱেণী' নামৰ এলবামটোৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছে। বিশ্ব সংগীতৰ সৰ্বোচ্চ বঁটা গ্ৰেমীৰ ৬৭ সংখ্যক সংস্কৰণৰ বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে লছ এঞ্জেলছৰ ক্রিপ্ট' ডট কম এৰিনাত অনুষ্ঠিত হৈছিল।

চন্দ্রিকা টেণ্ডন হৈছে বিশ্বৰ এগৰাকী ব্যাৱসায়িক নেত্ৰী আৰু পেপছিক'ৰ প্ৰাক্তন মুখ্য কার্যবাহী বিষয়া ইন্দ্রা নুয়ীৰ জ্যেষ্ঠা ভগ্নী। এলবামটোৰ সহযোগী শিল্পী দক্ষিণ আফ্রিকাৰ বাঁহীবাদক ৱউটাৰ কেলাৰমেন তথা জাপানী চেল' বাদক ইৰু মেটছুম'ট'ৰ সৈতে একেলগে টেণ্ডনে এই গ্রেমী বঁটা লাভ কৰে। এয়া হৈছে টেণ্ডনৰ গ্ৰেমীত দ্বিতীয় মনোনয়ন আৰু প্রথম বিজয়। উল্লেখযোগ্য যে এই শাখাটোত প্রতিদ্বন্দ্বিতাত থকা আন পাঁচগৰাকীৰ ভিতৰত দুগৰাকী ভাৰতীয়ও আছিল। তেওঁলোক হৈছে ৰিকী কে'জ আৰু অনুষ্কা শংকৰ। অনুষ্ঠিত হৈ যোৱা গ্রেমী বঁটা প্রদান অনুষ্ঠানত 'বৰ্ষটোৰ এলবাম'ৰ বঁটা লাভ কৰে বিয়ন্সেৰ কাউবয় কার্টাৰে আৰু 'বৰ্ষটোৰ গীত'ৰ সন্মান লাভ কৰে কেন্ড্রিক লামাৰৰ 'নট লাইক আছ'-এ। লামাৰৰ 'নট লাইক আছ'-এ 'বর্ষটোৰ ৰেকৰ্ড'ৰ বঁটাও লাভ কৰে। 

তেনেদৰে শ্রেষ্ঠ পপ (দ্বৈত/দলীয়) পৰিৱেশনৰ বঁটা লাভ কৰে লেডী গাগা আৰু ব্রুন' মাছে (ডাই উইথ এ স্মাইল), শ্রেষ্ঠ লেটিন পপ এলবামৰ বঁটা লাভ কৰে শ্বাকিৰাৰ 'লা মুহেৰেছ য়া ন' ল'বেন'-এ আৰু শ্রেষ্ঠ নবীন শিল্পীৰ সন্মান লাভ কৰে চেপেল ৰোৱানে। তেনেদৰে শ্ৰেষ্ঠ কাইন্টি এলবাম বিয়ন্সেৰ 'কাউবয় কাৰ্টাৰ', শ্রেষ্ঠ পপ (কণ্ঠ) এলবাম ছাৱিনা কাৰপেণ্টাৰৰ 'শ্বৰ্ট এন ছুইট', আৰু শ্রেষ্ঠ ৰেপ এলবামৰ বঁটা ড'য়েচীৰ 'এলিগেটৰ বাইছ নেভাৰ হীল'-এ লাভ কৰে। শ্রেষ্ঠ পপ একক পৰিৱেশনৰ বঁটা ছাৱিনা কাৰপেন্টাৰে (এছপ্ৰেছ'), শ্রেষ্ঠ ডান্স/ইলেক্ট্রনিক মিউজিক এলবামৰ বঁটা চার্লি এক্স চি এক্সৰ 'ব্রেট'-এ আৰু শ্ৰেষ্ঠ ৰক পৰিৱেশনৰ বঁটা লাভ কৰে দ্য বীটছে (নাও এণ্ড দেন)। 

আনহাতে, শ্রেষ্ঠ ৰেপ পৰিৱেশন তথা শ্ৰেষ্ঠ ৰেপ গীতৰ বঁটা দুটাও বঁটা কেন্ড্রিক লামাৰে (নট লাইক আছ) লাভ কৰে। শ্ৰেষ্ঠ আৰ এণ্ড বি পৰিৱেশনৰ বঁটা মুনি লঙে (মে'ড ফৰ মি, লাইভ অন বেট), পৰম্পৰাগত আৰ এণ্ড বি পৰিৱেশনৰ বঁটা লাকী ডায়েই (ডেছ ইউ) আৰু শ্রেষ্ঠ আৰ এণ্ড বি গীতৰ বঁটা লাভ কৰে এছ জেদ এই (ছেটার্ন)। শ্রেষ্ঠ আৰ এণ্ড বি এলবামৰ বঁটা ক্রিছ ব্রাউনে (১১: ১১ ডিলাক্স) আৰু শ্রেষ্ঠ ফক (লোক) এলবামৰ বঁটা লাভ কৰে জিলিয়ান ৱেলছ আৰু ডেভিড ৰলিংছে (উডলেণ্ড)।

উৎসঃ দৈনিক জনমভূমি 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?