--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰমাৎ পৃথিৱীৰ ওচৰ চাপি আহিছে বৃহস্পতি গ্ৰহ। এই মাহত, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো গোটেই ৰাতি আকাশত দেখা যাব।  যোৱা ৭০ বছৰত ভিতৰত এইবাৰেই  দুয়োটা  গ্ৰহৰ মাজত ইমানখিনি দূৰত্ব হ্ৰাস পাইছে৷ ইয়াৰ পূৰ্বে দুয়োটা গ্ৰহৰ মাজত ইমানখিনি দূৰত্ব হ্ৰাস পাইছে! 

মহাকাশ বিজ্ঞানীসকলৰ মতে, বৃহস্পতি গ্ৰহ  ২৬ ছেপ্টেম্বৰত পৃথিৱীৰ অতি ওচৰলৈ আহিব। সেইদিনা গোটেই ৰাতি আকাশত এই গ্ৰহটো দেখা যাব। পৃথিৱীৰ বিপৰীতে, সূৰ্য আৰু বৃহস্পতি দুয়োটা একে ফালে থাকিব। ফলস্বৰূপে, সূৰ্যৰ দৰে বৃহস্পতি পূবত  দেখা যাব আৰু  পশ্চিমত মাৰ যাব৷ 

নাছাই এক বিবৃতিত কৈছিল যে , যিহেতু বৃহস্পতি ২৬ তাৰিখে পৃথিৱীৰ অতি ওচৰলৈ আহিব গতিকে সেইদিনা গ্ৰহটো পৃথিৱীৰ পৰা অধিক স্পষ্ট আৰু উজ্জ্বল ৰূপত দেখা যাব। এই ঘটনাটো যথেষ্ট বিৰল। নাছাৰ সূত্ৰ অনুসৰি, সেইদিনা চন্দ্ৰৰ বাহিৰেও  এই বৃহস্পতি গ্ৰহটো আকাশৰ আন গ্ৰহ আৰু তৰাবোৰৰ ভিতৰত আটাইতকৈ উজ্জ্বল হৈ উঠিব৷ 

অৱশ্যে, বৃহস্পতিক পৃথিৱীৰ পৰা খালি  চকুৰে দেখা নাযায়। বিজ্ঞানীসকৰ মতে, গ্ৰহটো চাবলৈ দূৰবীণৰ সহায় ল'ব লাগিব।উল্লেখ্য যে মুখ্য গ্ৰহৰ উপৰিও, বৃহস্পতি গ্ৰহৰ তিনিৰ পৰা চাৰিটা উপগ্ৰহ ভাল দূৰবীণৰ জৰিয়তে দেখা যায়। গেলিলিঅ'ই প্ৰথমে সপ্তদশ শতিকাত দূৰবীণৰ জৰিয়তে এই উপগ্ৰহবোৰ দেখিছিল। 

অৱশ্যে  কেৱল ২৬ ছেপ্টেম্বৰত নহয় ,সেই দিনটোৰ পূৰ্বতে আৰু পৰৱৰ্তী কিছু দিনলৈ  বৃহস্পতি গ্ৰহটো নিশাৰ আকাশত স্পষ্টভাৱে দেখা যাব।   অৱশ্যে, বতৰ ডাৱৰীয়া হ’লে গ্ৰহটো স্পষ্ট ৰূপত দেখা পোৱা নাযাব৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?