--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমি জনাত সৌৰজগতৰ সকলো গ্ৰহৰ ভিতৰত  কেৱল পৃথিৱীত জীৱই বসবাস কৰা সম্ভৱ৷  কিন্তু বিজ্ঞানীসকলে  দীৰ্ঘম্যাদী তথা অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে আৱিষ্কাৰ কৰিছে এক  বিশেষ গ্ৰহ৷এই  গ্ৰহতো মানৱ সভ্যতাৰ বিকাশ হ’ব পাৰে বুলি বিজ্ঞানীসকলৰ তথ্যই সূচাইছে৷ গৱেষণাৰ অন্তত  বিজ্ঞানীসকলে  অনুসন্ধান পাইছে যে পৃথিৱীৰ বাহিৰেওবাহিৰে  দুটা এক্সোপ্লেনেট আছে য'ত জীৱনৰ অস্তিত্বৰ শক্তিশালী সম্ভাৱনা আছে।

কিন্তু আপুনি জানেনে এক্সোপ্লেনেট কি? দৰাচলতে, এক্সোপ্লেনেটবোৰ আমাৰ পৃথিৱীৰ দৰে গ্ৰহৰ বাহিৰে আন একো নহয়৷ আৰু পৃথিৱীৰ দৰে সেইবোৰ গ্ৰহেও এটা তৰাক প্ৰদক্ষিণ কৰি আছে। কিন্তু সেইবোৰ  সৌৰজগতৰ বাহিৰত আছে। তাতেই সেই গ্ৰহবোৰে  নিৰন্তৰ সূৰ্যৰ দৰে গ্ৰহ এটাক প্ৰদক্ষিণ কৰি আছে। 

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা গ্ৰহ দুটা পৃথিৱীৰ পৰা প্ৰায় ১০০ আলোকবৰ্ষ দূৰত। এই আৱিষ্কাৰ জ্যোতিৰ্বিজ্ঞানী লেটিটিয়া ডেলৰেজৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল। তেওঁৰ দলটোৱে সমগ্ৰ বিশ্বৰ বিভিন্ন বিজ্ঞানীৰ সৈতে গৱেষণা আৰম্ভ কৰিছিল। আৰু গৱেষণা দলে আৱিষ্কাৰ কৰি থকা গ্ৰহবোৰ ট্ৰেঞ্জিটিং এক্সোপ্লেনেট জৰীপ উপগ্ৰহৰ (টেছ - ট্ৰেঞ্জিটিং এক্সোপ্লেনেট জৰীপ উপগ্ৰহ) সহায়ত আৱিষ্কাৰ কৰা হৈছে।

বৰ্তমানৰ বাবে, নতুনকৈ আৱিষ্কৃত গ্ৰহটোৰ নাম এলপি ৮৯০-৯বি ৰখা হৈছে। আনটো গ্ৰহ প্ৰথম গ্ৰহৰ সহায়ত আৱিষ্কাৰ কৰা হৈছিল৷  সেই গ্ৰহটোৰ নাম এলপি ৮৯০-৯চি ৷ বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাত জীৱৰ বিকাশৰ এক শক্তিশালী সম্ভাৱনা আছে। আকাৰ আৰু আকৃতিৰ ফালৰ পৰা এই নতুন গ্ৰহটো পৃথিৱীতকৈ প্ৰায় ৪০ গুণ ডাঙৰ। এই আৱিষ্কাৰৰ বাবে স্পেকুলুছ টেলিস্কোপটো ব্যৱহাৰ কৰা হৈছিল।

 বিজ্ঞানীসকলে পৰীক্ষা কৰি পাইছিল  যে এই গ্ৰহটো যি তৰাৰ চাৰিওফালে ঘূৰি আছে তাৰ তাপমাত্ৰা সূৰ্যৰ তাপমাত্ৰাৰ  আধা। গতিকে এলপি ৮৯০-৯চিত  জীৱনৰ সম্ভাৱনা থাকিব পাৰে৷ আৰু সেয়েহে মানুহৰ বাবে তাত জীয়াই থকাৰ  পৰিৱেশ গঢ়ি তোলাটো অত্যাধিক জটিল নহয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?