--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মজীৱনৰ পৰা হাত সাৰিবলৈ থাকিবলৈ পুৰুষে কি কি নকৰে? অসুস্থতাৰ অজুহাতত ছুটী লয়, বন্ধুৰ বিয়াৰ অজুহাত দিয়ে, দুৰ্ঘটনাৰ অজুহাত দিয়ে। কিন্তু এই ব্যক্তিজনে কামৰ পৰা আঁতৰি থাকিবলৈ কি কৰিছে জানিলে আপুনি আচৰিত হ’ব! 

আচলতে চুৰাটত (গুজৰাট) এজন ব্যক্তিয়ে কামৰ পৰা হাত সাৰিবলৈ নিজৰ আঙুলি কাটে। ইয়াৰ পিছত মানুহজনে আৰক্ষীৰ ওচৰলৈ গৈ কয় যে তেওঁৰ আঙুলিবোৰ নিৰুদ্দেশ হৈছে। পিছত আৰক্ষীৰ তদন্তত সত্যতা পোহৰলৈ আহিল। 

গুজৰাটৰ চুৰাটত বাস কৰা ময়ুৰ তাৰাপাৰাই আগতে নিজৰ আত্মীয়ৰ হীৰা প্ৰতিষ্ঠানত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ৮ ডিচেম্বৰত ময়ুৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰি বাওঁহাতৰ আঙুলিবোৰ নিৰুদ্দেশ হোৱা বুলি জনায়। তেওঁৰ প্ৰাৰম্ভিক বক্তব্য অনুসৰি ঘটনাৰ নিশা চুৰাটৰ বেদান্ত চক্ৰৰ ওচৰত বন্ধুৰ বাবে অপেক্ষা কৰি আছিল। এঘণ্টাৰ পাছতো যেতিয়া তেওঁৰ বন্ধুজন আহি নাপালে, তেতিয়া তেওঁ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ ক’লে যে বাটত কোনোবা ঠাইত ৰৈ থাকোঁতে তেওঁৰ মূৰ ঘূৰালে আৰু সেই ঠাইতে তেওঁ অজ্ঞান হৈ পৰিল। তেওঁ দাবী কৰে যে যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল তেতিয়া তেওঁৰ বাওঁহাতৰ চাৰিটা আঙুলি নাছিল।

ইয়াৰ পিছত ময়ুৰে বন্ধু এজনৰ পৰা সহায় বিচাৰিছিল, যিয়ে তেওঁক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে তেওঁৰ কটা আঙুলিৰ চিকিৎসা কৰি একেদিনাই তেওঁক ছুটি দিয়ে। ইয়াৰ পিছত ময়ুৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

তদন্তত ময়ুৰে এই ঘটনা সংঘটিত বুলি কোৱা ঠাইৰ পৰা কোনো ধৰণৰ তেজৰ দাগ বা আন কোনো প্ৰমাণ পোৱা নাছিল। ইয়াৰ পিছত আৰক্ষীয়ে ময়ুৰৰ কাহিনীটো সন্দেহ কৰে আৰু কেইদিনমানৰ ভিতৰতে চুৰাট অপৰাধ শাখাই সত্যটো ধৰা পেলাই।

ডিচিপি ভৱেশ ৰ’জিয়াই কয় যে ময়ুৰ তাৰাপাৰাই আঙুলি কাটি দিয়াৰ কথা স্বীকাৰ কৰিছে। তেওঁ এটা কটাৰী কিনি সম্পূৰ্ণ পৰিকল্পনাৰে এই কামটো সম্পন্ন কৰিছিল। ডিচিপিৰ মতে, ময়ুৰে কয় যে তেওঁ বহুত কামৰ হেঁচাত পৰিছে। তেওঁ এজন আত্মীয়ৰ গহনা শ্ব’ৰুমত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল আৰু তেওঁৰ পিতৃয়ে তেওঁক কামটো অব্যাহত ৰাখিবলৈ ইচ্ছা নকৰাৰ পিছতো বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীৰ তদন্তত ময়ুৰৰ মোবাইল লোকেশ্বন ডাটাৰ পৰা এই কথা পোহৰলৈ আহিছে। ইয়াৰ পিছত তেওঁ স্বীকাৰ কৰে যে তেওঁ প্ৰথমে তিনিটা আঙুলি কাটিছিল আৰু পিছত চতুৰ্থটোও নিজে কাটি পেলাইছিল।


 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?