--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ শীতকালীন অধিৱেশনত সংবিধান গ্ৰহণ কৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সংসদত সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত গান্ধী পৰিয়াল তথা নেহৰুৰ শাসনক সমালোচনা কৰি কটায়। আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ শাসন কালত হোৱা সংবিধানৰ প্ৰথম সংশোধনীক লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

প্ৰধানমন্ত্ৰীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সমাজিক মাধ্যমত লিখে যে ১৯৫১ চনৰ ১৮ জুনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী ৩টা কাৰণত কৰা হৈছিল। প্ৰথম উদ্দেশ্য আছিল সেই স্পৰ্শকাতৰ সময়ছোৱাত সাম্প্ৰদায়িক অপপ্ৰচাৰৰ সৈতে মোকাবিলা কৰা। দ্বিতীয়তে, আদালতে বাতিল কৰা জমিদাৰী বিলুপ্তিৰ আইনসমূহ ৰক্ষা কৰা আৰু  তৃতীয়তে, আদালতে বাতিল কৰা অনুসূচিত জাতি,অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণ৷ 

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় এখন নিৰ্বাচিত সমিতিয়ে বিধেয়কখন বিতংভাৱে পৰীক্ষা কৰিছিল।নেহৰু, ৰাজগোপালচাৰী আৰু  আম্বেদকাৰ আছিল এই সমিতিৰ সদস্যসকলৰ ভিতৰত অন্যতম। নিৰ্বাচিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতো নেহৰুৱে তেওঁৰ সমালোচকৰ বিচাৰৰ পাছত নিজৰ স্থিতি সলনি কৰিছিল।

ইয়াৰ পূৰ্বে ১৯৫০ চনৰ ৩ জুলাইত চৰ্দাৰ পেটেলে শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে লোকৰ প্ৰতি থকা হতাশা আৰু মত প্ৰকাশৰ স্বাধীনতাত সীমাবদ্ধতাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰি নেহৰুলৈ পত্ৰ লিখিছিল। এই চিঠিখনে প্ৰমাণ কৰিছে যে চৰ্দাৰ পেটেল নিজে জীয়াই থকা হ’লে প্ৰথম সংশোধনীক সমৰ্থন কৰিলেহেঁতেন।

জয়ৰাম ৰমেশে গ্ৰেনভিল অষ্টিনৰ গ্ৰন্থ ‘ৱৰ্কিং এ ডেম’ক্ৰেটিক কনষ্টিটিউচন’ত উদ্ধৃতি দি কয় যে এই গ্ৰন্থত ১৯৮০চনলৈকে কৰা সংবিধান সংশোধনীৰ সম্পূৰ্ণভৱে পৰ্ৰকাশ কৰিছে। আৰু ৰাজনীতি বিজ্ঞানৰ এম এ আৰু তেওঁলোকৰ চিয়াৰলিডাৰসকলে এই গ্ৰন্থ পঢ়িব বুলি আশা কৰিব নোৱাৰি বুলি কটাক্ষ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ পত্ৰৰ কথা উল্লেখ কৰি কয় যে এই পাপ ১৯৫১ চনত হৈছিল। সেই সময়ৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে পণ্ডিত নেহৰুক ভুল কৰি আছে বুলি সকীয়াই দিছিল, কিন্তু পণ্ডিত নেহৰুৰ নিজা সংবিধান আছিল সেয়ে তেওঁ কাৰো পৰামৰ্শ শুনা নাছিল। সংবিধান সংশোধনৰ বাবে কংগ্ৰেছৰ তেজ এনেকুৱা আছিল যে মাজে মাজে সংবিধানৰ ওপৰত আক্ৰমণ কৰি থাকিল।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় কংগ্ৰেছে সংবিধানৰ আত্মাৰ ৰক্তক্ষৰণ কৰিছে। সংবিধান বহুবাৰ সলনি হৈছে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বীজ সিঁচিছিল আৰু সেই বীজত পানী দিছিল দ্বিতীগৰাকী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। যেতিয়া আদালতে অৰাজনৈতিক কাৰণত ইন্দিৰা গান্ধীৰ নিৰ্বাচন নাকচ কৰিছিল। সাংসদ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল, তাৰ পিছত সেই খঙতে দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়া বুলি কটাক্ষ কৰে।

জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীৰ সংসদৰ ভাষণক নিৰ্বাচনী ভাষণ বুলি অভিহিত কৰি সাম্প্ৰতিক বিষয়ত মাত মাতিব লাগে বুলি কটাক্ষ কৰি কয়৷ আদানিৰ বিষয়ত মৌন, কৃষকৰ বিষয়ত মৌন, বিভিন্ন ৰাজ্যত বিয়পি থকা সাম্প্ৰদায়িক উত্তেজনাক লৈ মৌনতা অৱলম্বন কৰাক লৈ সমালোচনা কৰে৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে চীনক দিয়া ক্লীন চিটত বাংলাদেশ, পাকিস্তান, শ্ৰীলংকাৰ সৈতে ভৰতৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে সেই বিষয়তো মৌন হৈ থাকিল৷  কেৱল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ অতীত মন্থন কৰাতে ব্যস্ত থাকিল৷ বৰ্তমানৰ কথা ক’বলৈ কিয় ভয় কৰে বুলি কটাক্ষ কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?