--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সমগ্ৰ দেশ জুৰি কেন্দ্ৰৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীয়ে পৰিৱেশ উত্তাৱল কৰি তুলিছে৷ সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰে পৰাই বিৰোধী কংগ্ৰেছ দলে শাসকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ অহা পৰিলক্ষিত হৈছে৷সদনৰ মজিয়াত শাসকপক্ষই আদানি গোচৰ, কৃষক সকলৰ বিষয়ত মৌনতা অৱলম্বন কৰা, মণিপুৰৰ সমস্যা, অসমৰ স্মাৰ্ট মিটাৰ প্ৰসংগ আৰু এতিয়া এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱকেধৰি কেন্দ্ৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ দল৷

কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ১৮ ডিচিম্বেৰত সমগ্ৰ ভাৰতজুৰি ‘ৰাজভৱন চলো’ কাৰ্যসূচী হাতত লৈছিল৷

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত, কংগ্ৰেছ কৰ্মীয়ে বিধানসভা ঘেৰাও কৰাৰ প্ৰচেষ্টা কৰিছে, মূল্যবৃদ্ধি, নিবনুৱাসমস্যা আৰু আইন শৃংখলা পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ৰাজ্য চৰকাৰে আৰক্ষীয়ে বাধা প্ৰদানকৰাত প্ৰতিবাদকাৰীসকল বিধানসভালৈ যাব পৰা নাছিল।

মধ্য প্ৰদেশত কংগ্ৰেছ বিধায়কসকলে নিবনুৱাসমস্যা আৰু বিজেপি চৰকাৰে প্রতিশ্রুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপনেৰে বিধানসভাৰ চৌহদলৈ চাহৰ কেটলি লৈ প্ৰতিবাদত বহা দেখা গ’ল৷

দিল্লীতো সংসদৰ বাহিৰত, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰসহ কংগ্ৰেছ নেতাসকলে ডাঃ বি.আৰ. আম্বেদকাৰৰ পোষ্টাৰ ধৰি প্ৰতিবাদ কৰে। 

একেদৰে অসমোতো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমস্যাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজভৱন চলো প্ৰতিবাদী সমদল উলিয়াই পৰিলক্ষিত আছাম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই প্ৰতিবাদী সমদলক বাধা দিবৰ বাবে পুলিচ প্ৰশাসনে কন্দুৱা গেছ নিক্ষেপ কৰে এই প্ৰতিবাদী সমদলত এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হোৱাৰ লগতে ভূপেন বৰাসহ কেইবাগৰাকীও কংগ্ৰেছী প্ৰতিবাদীক আটক কৰিছিল অৱশ্যে ভূপেন বৰাক ইতিমধ্যে মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?