--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীব্ৰ বাক-বিতণ্ডাৰ মাজতে লোকসভাত উত্থাপন হ’ল ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে মঙলবাৰে লোকসভাত ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইনৰ সংশোধনী বিধেয়ক উত্থাপন কৰে৷ 

বিধেয়ক দুখনৰ বিৰুদ্ধে বিৰোধীৰ আপত্তিক যটায় যদিও। চৰকাৰৰ সপক্ষে সংখ্যাগৰিষ্ঠ ভোটৰ বাবে বিধেয়কখন দাখিল কৰা হয়৷অৱশ্যে বিধেয়ক দুখন সদনত গৃহীত হোৱা নাই৷ বিধেয়ক দুখন আইনত পৰিণত হ’ব নে নাই এই লৈ অনিশ্চয়তাত আছে। এনে পৰিস্থিতিত সংশোধনী বিধেয়কখন আলোচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰসংগক্ৰমে সাধাৰণতে সংসদৰ এনে যৌথ সমিতিত সৰ্বাধিক ৩১ জন সদস্য থাকে। ইয়াৰে ২১ জন লোক সভাৰ সদস্য।ৰাজ্যসভাৰ সদস্যসকলো এই সমিতিত থাকে। আৰু যৌথ সমিতিত এটা দলৰ সদস্যৰ সংখ্যা নিৰ্ভৰ কৰে সেই দলটোৰ মুঠ সাংসদৰ সংখ্যাৰ ওপৰত।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৪৮ ঘন্টাৰ ভিতৰত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিব। কাৰণ শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশন শেষ হয়। ইতিমধ্যে ৰাজনৈতিক দলসমূহক নিজৰ সদস্যসকলক মনোনীত কৰিবলৈ আহ্বন জনোৱা হৈছে। যিহেতু সাংসদৰ ক্ষেত্ৰত বিজেপি লোকসভা একক সমখ্যাগৰীষ্ঠতা থকাৰ বাবে কমিটীত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থাকিব। কমিটীৰ অধ্যক্ষ পদতো বিজেপি সাংসদে থাকিব।

এই যুটীয়া সমিতিৰ কাৰ্যকাল ৯০ দিন। প্ৰয়োজন হ’লে সমিতিৰ কাৰ্যকাল  বৃদ্ধি কৰিব পাৰি। এই কমিটীয়ে বিধেয়ক দুখনৰ কৰবাত কোনো সংশোধনী, সংযোজন, বিলোপৰ প্ৰয়োজন আছে নে নাই বিবেচনা কৰিব। ইয়াৰ পিছতে লোকসভাত বিধেয়ক দুখনৰ ওপৰত ভোটদান কৰা হ’ব। লোকসভাত গৃহীত হ’লে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হ’ব। আৰু গৃহিত হ’লে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?