--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কাণপুৰ : উত্তৰ প্ৰদেশৰ কাণপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১৩বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণ হোৱা বুলি অভিযোগ দাখিলৰ দুদিনৰ পাছতে কিশোৰীগৰাকীৰ পিতৃৰ আজি পুৱা পথ দুৰ্ঘটনাত মৃত্যু হয়। নিৰ্যাতিতা কিশোৰীগৰাকীৰ স্বাস্থ্যপৰীক্ষা কৰোঁৱাৰ বাবে হাস্পতাললৈ নিয়াৰ সময়ত হাস্পতালখনৰ বাহিৰতে ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হয় লোকজনৰ। মন কৰিবলগীয়া যে, এই দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ মূল অভিযুক্ত গোলু যাদৱৰ পিতৃয়ে উত্তৰ-প্ৰদেশ আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে।

আৰু পঢ়িব পাৰিব :কৃষক বিদ্ৰোহৰ কঁপনি হাৰিয়ানা চৰকাৰত, সলনি হ’ব সমীকৰণ!

কাণপুৰৰ পৰা ১০০ কিলোমিটাৰ আঁতৰৰ কানৌজ জিলাত লোকজন কৰ্মৰত হৈ আছে। নিৰ্যাতিতাৰ পৰিয়ালৰ লোকক দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ দিনাৰে পৰা নিৰ্যাতনকাৰীৰ পৰিয়ালে নানা ধৰণে ভাবুকি দি অহা বুলি গুৰুতৰ অভিযোগ আনিছে নিৰ্যাতিতাৰ পৰিয়ালে। আৰক্ষীৰ লোকো এই কাণ্ডৰ সৈতে জড়িত থকা বুলি অভিযোগ কৰিছে পৰিয়ালটোৱে। ‘মোৰ পুত্ৰক হত্যা কৰা হৈছে আৰু আৰক্ষীৰ লোকে এই কামত সহযোগ কৰিছে।’- নিহত লোকজনৰ পিতৃয়ে শোকাকুল অৱস্থাৰে এই অভিযোগ আনে।

আৰু পঢ়িব পাৰিব :দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

মঙলবাৰেও কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে তেওঁলোকক আৰক্ষীৰ ভয় দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ আনিছিল। মূল অভিযুক্তজনৰ জ্যেষ্ঠ ভাতৃয়ে ‘মোৰ দেউতা এজন উপ-পৰিদৰ্শক, সাৱধান’- বুলি ভাবুকি দিছিল। তাৰ এদিনৰ পাছতে কন্যাৰ স্বাস্থ্যপৰীক্ষা কৰোঁৱাই চাহ খাবলৈ হাস্পতালৰ পৰা বাহিৰলৈ ওলাই অহা লোকজনক এখন ট্ৰাকে মহটিয়াই নিয়ে। কাণপুৰৰ শীৰ্ষ আৰক্ষী বিষয়া ডঃ প্ৰীতিন্দৰ সিঙে এই বিষয়ে প্ৰকাশ কৰিছে। হিন্দী চলচ্চিত্ৰৰ কাহিনীৰ দৰে ধৰ্ষিতাৰ পৰিয়ালৰ মুখ বন্ধ কৰিবলৈ এনে সন্দেহজনক ‘হত্যাকাণ্ড’ সংঘটিত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?