--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশব্যাপী কৃষি আইনবিৰোধী কৃষক বিদ্ৰোহ অব্যাহত থকাৰ সময়তে এইবাৰ ইয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে হাৰিয়ানাত। হাৰিয়ানাৰ বিজেপি নেতৃত্বৰ চৰকাৰ এইবাৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। বিৰোধী দল কংগ্ৰেছে দাবী কৰিছে যে, দুজন নিৰ্দলীয় বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। কৃষক বিদ্ৰোহৰ মাজতে বিৰোধীৰ এই পদক্ষেপ মনোহৰ লাল খট্টৰ চৰকাৰক বিব্ৰত কৰাৰ বাবে বুলি ধাৰণা কৰা হৈছে যদিও চৰকাৰৰ ভিতৰ চ’ৰাত অনুভূত হোৱা কঁপনিক উলাই কৰিব নোৱাৰি।

আৰু পঢ়িব পাৰিব : দেশৰ বয়োজ্যেষ্ঠতম : ১০৩বছৰীয়াই গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

বিজেপিৰ সহযোগী দল দুষ্যন্ত চৌতালা নেতৃত্বৰ জেজেপিয়ে কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰাৰ পাছত দল দুটাৰ মাজত দূৰত্ব স্পষ্ট হৈ পৰিছে। বিজেপিয়ে অৱশ্যে চৰকাৰলৈ কোনো ভাবুকি অহা নাই বুলি দাবী কৰিছে। তথাপি বিৰোধী দল কংগ্ৰেছৰ এই পদক্ষেপে বিজেপিৰ সহযোগী দল জেজেপিৰ ওপৰত চাপ বৃদ্ধিৰ সম্ভাৱনা আছে। কিয়নো দলটোৱে কৃষি আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আহিছে আৰু কৃষকৰ কাষত থিয় দিয়াৰ কথা প্ৰকাশ কৰি আহিছে। একাংশ জেজেপি বিধায়কে আশংকা প্ৰকাশ কৰিছে যে, তেওঁলোকক নিজৰ নিজৰ সমষ্টিত ৰাইজে প্ৰত্যাখ্যান কৰাৰ উপক্ৰম হৈছে। জেজেপিৰ এই দোধোৰ-মোধোৰ অৱস্থাৰ সুযোগ বিৰোধী কংগ্ৰেছে গ্ৰহণ কৰা চেষ্টা কৰিছে।

আৰু পঢ়িব পাৰিব : ‘অজাপ’ৰ পৰা কেন্দ্ৰীয় সম্পাদকসহ ১৭ জনৰ পদত্যাগ

উল্লেখ্য যে, ৯০খন আসনৰ হাৰিয়ানা বিধানসভাৰ ৪০খন আসন আছে বিজেপিৰ দখলত। ১০খন আসন জেজেপিয়ে দখল কৰি আছে। আন পাঁচজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আছে চৰকাৰৰ সৈতে। কংগ্ৰেছৰ আসনৰ সংখ্যা ৩১খন। দুখন আসন খালী থকাৰ পৰিপ্ৰেক্ষিতত সংখ্যাগৰিষ্ঠতাৰ সীমা হৈছে ৪৫।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?