--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনে বিধ্বস্ত কৰিছে ছিকিমক। ভয়াৱহ ৰূপত ওফন্দি উঠিছে নৈসমূহ। পানীয়ে খহাই পেলাইছে বহু পথ। সেয়ে আবদ্ধ হৈ পৰিছে প্ৰায় ১,৫০০ পৰ্যটক।  আতংকিত হৈ পৰা পৰ্যটকসকলে তললৈ উভতি যাবলৈ হাহাকাৰ কৰিছে।  কিন্তু পাহাৰৰ পৰা কোন পথেৰে  নামিব সেই বিষয়ত কোনো উৱা-দিহ পোৱা নাই পৰ্যটকসকলে।

 উত্তৰ ছিকিমৰ সংকলন বেইলী দলং ভাঙি পৰাৰ ফলত জংগু, চুংথাং, লাচেন আৰু লাচুং বিচ্ছিন্ন হৈ পৰিছে। কমেও ডেৰ হাজাৰ পৰ্যটক তাত আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গেংটকত থকা পৰ্যটকসকলেও ঘৰলৈ উভতি  আহিব পৰা নাই।  ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত  উফন্দি উঠা তীস্তা নদীয়ে গেংটক-চিলিগুৰি ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ বহু ঠাইত খহাই পেলাইছে। ফলত অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে পথটো। এই সন্দৰ্ভত  কালিম্পং জিলা দণ্ডাধীশে এক অধিসূচনা জাৰি কৰিছে । তাত কোৱা হৈছে যে লিখুভিদৰ ৰবিঝোৰা মেল্লী সেতুত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিসাধন হৈছে।

ছিকিম প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বুধবাৰে নিশা হোৱা  বৰষুণ আৰু ভূমিস্খলনে কেইবাটাও অঞ্চল বিধ্বস্ত কৰি পেলাইছে। এতিয়ালৈকে কমেও ৬ জন লোকৰ মৃত্যু হৈছে। লাচেন, চুংথাং, মাংগানৰ বিভিন্ন পথ বন্ধ হৈ পৰিছে। ইয়াত আবদ্ধ হৈ আছে বহু পৰ্যটক। পৰ্যটকসকলক পথ মুকলি হ’লেই স্থানীয় হোটেলৰ পৰা গেংটকলৈ যাবলৈ পৰামৰ্শ দিছে প্ৰশাসনে।  ২০২৩ চনত ল’নাৰ্ক হ্ৰদৰ দুৰ্যোগৰ সময়তো এতিয়াৰ দৰেই পৰিবেশৰ সৃষ্টি হৈছিল। সেনা আৰু ছিকিম প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান চলাই থকা হৈছে।  মংগন, জংগু আৰু চুংথাঙৰ মাজত থকা একমাত্ৰ সংযোগী দলংখন বানে উটুৱাই নিছে। 

বৃহস্পতিবাৰে বিয়লিৰে পৰা জেয়ংগু, চুংথাং, লাচেন আৰু লাচুঙৰ পথ বন্ধ হৈ পৰে। । কিন্তু ইয়াতেই পৰ্যটকৰ সংখ্যা বেছি। তেওঁলোকক উদ্ধাৰ  কৰিবলৈ ফিডাঙত বিকল্প দলং নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য  দুসপ্তাহ পূৰ্বে বতৰ বিজ্ঞান বিভাগে সকীয়াই দিয়াৰ পিছতো উত্তৰ ছিকিমত বৰফ পৰা দেখি বহু পৰ্যটকে তালৈ গৈছিল।  প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি পৰ্যটকক উদ্ধাৰ কৰি গেংটকলৈ পঠিয়াবলৈ প্ৰস্তুতি চলোৱাৰ পিছতো বৰষুণৰ বাবে দুৰ্যোগ সঁহাৰি দলৰ কৰ্মীসকলে তললৈ  নামি আহিব নোৱাৰিলে। বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি আজিও  উত্তৰ ছিকিমত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি জনা গৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?