--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক ৭৫ কেজি শাখাত হয়তো আৰু দেখিবলৈ পোৱা নাযাব। কাৰণ আন্তর্জাতিক অলিম্পিক কমিটীয়ে (আই অ' চি) ২০২৮ চনৰ লছ এঞ্জেলছ গে'মছৰ বাবে লাভলীনাৰ বৰ্তর্তমান ৭৫ কেজি ওজন শাখা বাতিল কৰিলে। 

ইয়াৰ ফলত অসম কন্যা লাভলীনাক নতুন ওজন শাখা নিৰ্বাচন কৰিবলৈ বাধ্য কৰোৱা হৈছে। বুধবাৰে আই অ' চিয়ে লছ এঞ্জেলছ গে'মছৰ বাবে ইভেন্ট প্রগ্ৰেম আৰু এথলীট কোটা ঘোষণা কৰে। 

আই অ' চিৰ এই পৰিৱৰ্তনৰ বাবে লাভলীনাই হয় ৭০ কেজিত নামিব লাগিব অন্যথাই ৮০ কেজি ঊর্ধ্বলৈ যাব লাগিব। 'এয়া মোৰ বাবে একেবাৰেই নতুন তথ্য। এই সিদ্ধান্তই মোক হতবাক কৰিছে। কাৰণ মই এতিয়া ওজন শাখা সলনি কৰিব লাগিব। মই ভাবিছোঁ ৭০ কেজিত নামিব লাগিব। কাৰণ মোৰ বাবে ৮০ ঊর্ধ্বৰ শাখাত খেলা কঠিন হ'ব।' কয় লাভলীনাই। 

আনহাতে তাৰকা বক্সাৰ লাভলীনাৰ ব্যক্তিগত প্রশিক্ষক প্রণামিকা বৰাই আই অ' চিৰ এই সিদ্ধান্তক লৈ, আশ্চর্য প্রকাশ কৰিছে। প্রশিক্ষক প্রণামিকাই কয় যে ফিটনেছ আৰু চিকিৎসা মূল্যায়নৰ পাছতেই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 

প্রণামিকাই কয়, 'এই বাতৰি পাই সঁচাকৈয়ে আচৰিত হৈছোঁ। সদ্যহতে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰি। অৱশ্যে, তেওঁ দুয়োটা ওজন শাখাতে যুঁজ দিব পাৰিব। কাৰণ লাভলীনাৰ উচ্চতাই সেই ক্ষেত্রত সহায়ক হৈ উঠিব। ইয়াৰ আগেয়ে আমি কেতবোৰ পৰীক্ষা কৰিব লাগিব। তেওঁৰ শৰীৰৰ ওজন হ্রাস অথবা বৃদ্ধিৰ বাবে উপযোগী ব্যৱস্থা লোৱাৰ দৰকাৰ হ'ব। ইয়াৰ পাছতহে আমি সিদ্ধান্ত ল'ম।' বৰ্তমান লাভলীনাৰ স্বাভাবিক ওজন হ'ল ৭৪ কেজি। লাভলীনাৰ প্রশিক্ষক প্রণামিকাই জোৰ দি কয় যে অতিৰিক্ত ওজন হ্রাস কৰাৰ ফলত শক্তি হ্রাস পাব পাৰে। উল্লেখযোগ্য যে যোৱা মাহতহে লছ এঞ্জেলছ অলিম্পিকত বক্সিং অন্তর্ভুক্ত কৰা হ'ব বুলি নিশ্চিত কৰা হৈছিল।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?