--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ বাবে ভাল খবৰ। ২০২৮-ত লছ এঞ্জেলছ অলিম্পিকত অভিষেক ঘটিব কম্পাউণ্ড আৰ্চাৰীৰ। বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া প্রতিযোগিতাখনত ভাৰতে তেনেদৰেই আৰ্চাৰী ইভেন্টত পদক জয়ৰ অসম্পূর্ণ সপোন বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰিব। 

কম্পাউণ্ড আৰ্চাৰী অলিম্পিকত অন্তর্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পদকৰ সম্ভাৱনা বৃদ্ধি পাব। কাৰণ ৰিকাৰ্ড আৰ্চাৰীত দক্ষিণ কোৰিয়াৰ আধিপত্যৰ বিৰুদ্ধে ভাৰতে কেতিয়াও যোগ্য প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হোৱা নাই। 

পিছে শেহতীয়া তিনি বছৰ ধৰি ভাৰতীয় কম্পাউণ্ড আৰ্চাৰে ভাল প্রদর্শন আগবঢ়াইছে। নিয়মীয়াকৈ বিশ্ব কাপ আৰু বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰি আহিছে। ইফালে, ১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ উভতি আহিছে ক্রিকেট। আন্তর্জাতিক অলিম্পিক কমিটীয়ে বুধবাৰে ছখন দেশে ক্রিকেটত স্বর্ণ পদকৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে। ১৯০০ চনৰ অলিম্পিকত আছিল ক্রিকেট। সেইবাৰ মাথোঁ এখন প্রদর্শনী ক্রিকেট মেচহে অনুষ্ঠিত হৈছিল। 

ইয়াৰ পাছৰে পৰাই অলিম্পিকলৈ ক্রিকেট পুনৰ ঘূৰাই আনিবলৈ চেষ্টা চলাই আহিছিল আই চি চিয়ে। দীর্ঘ প্রতীক্ষাৰ অন্তত সফল হ'ল আই চি চি। ছটা দলে খেলিব টি-২০ ফৰমেটত। পুৰুষ-মহিলা উভয় শাখাতে থাকিব ছটাকৈ দল। প্রতিটো দলত থাকিব পাৰে সৰ্বাধিক ১৫গৰাকী খেলুৱৈ। 

অৱশ্যে যোগ্যতা অর্জন কেনেদৰে হ'ব সেয়া জানিব পৰা হোৱা নাই। আই চি চিৰ অধীনত পূর্ণকালীন সদস্য হিচাপে আছে ১২খন দেশ। ইয়াৰ উপৰি ৯০খনৰো অধিক দেশ সহযোগী সদস্য হিচাপে আছে। সেই দেশসমূহে কেৱল টি-২০ ক্রিকেটহে খেলে। আয়োজক হিচাপে যোগ্যতা অর্জন কৰিব পাৰে আমেৰিকাই। বাকী দেশসমূহে যোগ্যতা অর্জন কৰিব লাগিব।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?