--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা-অভিনেত্ৰীসকলে যি ধৰণে ছবিত অভিনয় কৰে, একাংশ দৰ্শকে তেওঁলোকক বাস্তৱ জীৱনতো তেনেকুৱা বুলি বিশ্বাস কৰে। কিন্তু প্ৰতিখন মুখৰ আঁৰত থাকে গভীৰ ৰহস্য। 

ষাঠি আৰু সত্তৰৰ দশকৰ এগৰাকী চিনাকী মুখ মালা সিনহা ৷বিখ্যাত অভিনেত্ৰী মালা সিনহাই বাদশ্বাহ, হেলমেট, প্যাছা, নয়া জামানা, এক গাওঁ কি কাহানী, চন্দন, ফীৰ ছুবাহ হোগী, পৰ্বৰীশ, উজালা ৰ পৰা আৰম্ভ কৰি মে নাছা মেই হুন আদি বহু ছবিত অভিনয় কৰি আহিছে। 

কেৰিয়াৰত ধৰ্মেন্দ্ৰ, মনোজ কুমাৰ, সঞ্জয় খান, ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ সৈতে কাম কৰিছিল তেওঁ। প্ৰায় ৪০ বছৰ ধৰি এই উদ্যোগটোত শাসন কৰিছিল কিন্তু বৰ্তমান ছবিজগতৰ পৰা তেওঁ বহু দূৰত ৷ তেওঁৰ কেৰিয়াৰত এনে এক বিতৰ্কৰো সৃষ্টি হৈছিল যিটো আজিও মানুহে পাহৰিব পৰা নাই। 

মালা সিনহাৰ আচল নাম আছিল আলদা সিনহা কিন্তু স্কুলত প্ৰায়ে তেওঁক ডাল্ডা বুলি মাতি জোকাইছিল। এই কাৰণতে তেওঁ এই নামটো সলনি কৰিলে। মালাই কেৱল অভিনয়েই নহয়, সংগীতৰ সৈতেও জড়িত আছিল। ৰেডিঅ'ত গীত গাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত বাংলা ছবিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত মুম্বাইলৈ আহি নিজৰ কেৰিয়াৰ গঢ়িবলৈ লয়। তেওঁৰ প্ৰথম বলীউড ছবি আছিল বাদশ্বাহ।

ষাঠি আৰু সত্তৰৰ দশকৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী আছিল মালা সিনহা। উত্তম কুমাৰ, ৰাজ কাপুৰ, কিশোৰ কুমাৰ, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, ৰাজ কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, বিশ্বজিতৰ দৰে অভিনেতাৰ সৈতে তেওঁ কাম কৰিছিল। সেই অভিনেত্ৰীগৰাকীৰ বাথৰুমত উদ্ধাৰ হৈছিল ১২ লাখ টকা। সেই সময়ত ১২ লাখ টকাৰ মূল্য আছিল কোটিতকৈ অধিক।

ঘটনাটো আছিল ১৯৭৮ চনৰ। তাৰ কিছু বছৰ পূৰ্বৰ পৰা মালাই ছবিত কাম কৰি গৈছিল। ইয়াৰ মাজতে হঠাতে এদিন অভিনেত্ৰীগৰাকীৰ ঘৰত আয়কৰ বিভাগে অভিযান চলায়। অভিযানৰ সময়ত আয়কৰ বিভাগে তেওঁ বাথৰুমৰ পৰা ১২ লাখ টকা উদ্ধাৰ কৰে। সেই সময়ত সেই টকাৰ হিচাপ অভিনেত্ৰীগৰাকীয়ে দিব পৰা নাছিল। এই ঘটনাই মনোৰঞ্জন জগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই গোচৰতেই আদালতত হাজিৰ হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়। আদালতত অভিনেত্ৰীগৰাকীয়ে চিঞৰি কৈ উঠিছিল যে,”মই মোৰ সকলো টকা বেশ্যা ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছো”। ইয়াৰ পাছতে মালাৰ কেৰিয়াৰ প্ৰায় ধ্বংস হৈ যায়।এইটো ঘটনাৰ পিছৰে পৰা বছৰি ৫-৬ খন ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীলৈ এখন ছবিৰো প্ৰস্তাৱ নাহিল ৷

অমৰ উজালাৰ প্ৰতিবেদন অনুসৰি মালা সিনহাই নিজৰ কষ্টোপাৰ্জিত ধন এনেদৰে গুচি যোৱা দেখা নাপালে। বিষয়াসকলৰ লগত বহু আলোচনা কৰিলেও কোনো সমাধান নোপোৱাত তেওঁ আদালতৰ কাষ চাপিল। মালাৰ উকীল আৰু তেওঁৰ পিতৃ এলবাৰ্টে টকাখিনি ঘূৰাই পাম বুলি মিছাকৈ এই কথা ক’বলৈ পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?