--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ পত্নীক বিচাৰি হাবাথুৰি খাইছে এজন স্বামীয়ে। তেওঁ অভিযোগ কৰিছে যে তেওঁৰ পত্নীয়ে পলায়ন কৰি আন এজন ল’ৰাক বিয়া কৰাইছে আৰু স্বামীলৈ ঘূৰি আহিবলৈ কেতিয়াও সাজু নহয়। বিহাৰৰ বেগুচৰাইত ঘটিছে এই ঘটনা।

স্বামীয়ে সদৰ চিকিৎসালয়ৰ বাহিৰত পত্নীৰ বাবে হাই ভল্টেজৰ নাটক সৃষ্টি কৰিছিল। আৰক্ষীয়ে তেওঁক উঠাই আনিবলৈ চেষ্টা কৰিছিল যদিও ৰাস্তাত বাগৰি বাগৰি কান্দি কান্দি কয় যে ''মোক মোৰ পত্নীক লাগে।''

মুফাছিল থানা এলেকাৰ সাংখ গাঁৱৰ বাসিন্দা মহম্মদ শ্বাহজাদে ২০২১ চনত চাহেবপুৰ কমল থানা এলেকাৰ সানহা নিবাসী আইছাক বিয়া পাতিছিল। কিন্তু কিছুদিনৰ পূ্ৰ্বে বিকাশ পাছৱান নামৰ এজন যুৱকে আইছাক পলুৱাই লৈ যায়। মহম্মদ শ্বাহজাদে বিকাশ পাছৱানৰ বিৰুদ্ধে তেওঁৰ পত্নীক প্ৰলোভিত কৰি অপহৰণ কৰি লৈ যোৱা বুলি আৰক্ষী থানাত গোচৰ তৰে। আৰক্ষীয়ে বিকাশ পাছৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছত আয়েছা আদালতত উপস্থিত হয়। এনে পৰিস্থিতিত আজি আৰক্ষীয়ে তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ আহে।

তেতিয়াই চিকিৎসালয়ৰ বাহিৰত মহম্মদ শ্বাহজাদে কান্দি কাটি কয় যে ''মোক মোৰ পত্নীক লাগে।'' পুলিচৰ লগত কাজিয়া হোৱাৰ পাছতো তেওঁ কৈয়েই থাকিল যে ''মোক মোৰ পত্নীক লাগে।'' 

আনহাতে, তেওঁৰ পত্নী আয়েছাই অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে বিয়াৰ পিছত তেওঁক অত্যাচাৰ কৰিছিল। ইয়াৰ মাজতে তেওঁলোকৰ ছোৱালী এজনীও হ'ল তাৰপাছতো তেওঁ তাইক মাৰপিট কৰিছিল। ইয়াৰ মাজতে বিকাশ পাছৱানৰ সংস্পৰ্শলৈ আহিল আয়েছা। ইয়াৰ পিছত তাই তাৰ লগত ঘৰৰ পৰা পলাই গৈ এটা মন্দিৰত বিয়া পাতিলে।

আয়েছাই কয় যে তাই স্বামীৰ লগত থাকিব নিবিচাৰে। স্বামীয়ে তাইক অত্যাচাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?